পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


 দেউতা! তাহানি আপুনি ৰোগাৱস্থাত থাকোঁতে যেনেকৈ মাজে সময়ে অতি উদাৰ ভাৱৰে “গোলোকত তোমালোকৰ ঠাই হওক’’ বুলি একোবাৰ আমাক আশীৰ্ব্বাদ কৰিছিল, এতিয়া সেই আশীৰ্ব্বাদ ফলিবৰ নিমিত্তে যেন আমাৰ মন ধৰ্ম্মপথলৈ নিবলৈ সেই পুণ্য স্থানৰ পৰা যত্ন কৰে। বিশেষ এই স্বাৰ্থপৰ আৰু অভিমানত ওফোন্দা জ্ঞাতি সমাজৰ সমজুৱা হৈ আপোনাৰ উপকাৰ কিবা গুণকে যে লব পাৰিম, সিও দুৰাশা মাথোন। উমনিত এৰা কণীৰ দৰে আপোনাৰ আধালেখাকৈ এৰা “আসামৰ দেৱানী কাৰ্য্য ব্যৱস্থা’’ পুথিখনিৰ খোলাটি লাহে লাহে ঘোলা পৰি গৈছে। আপোনাৰ “বঙ্গাল বঙ্গালনী নাটক” “ৰত্নমণি” আমাৰ একো একোটি ভাই ভনী। ভাবিছিলোঁ কেচুৱা “কুটুমকো” ডাঙ্গৰ দীঘল কৰি লৈ শাৰী শুৱনী কৰিম, কিন্তু এই দেশত স্বাৰ্থত্যাগী শিশু চিকিৎসকৰ যেনে অভাৱ যেন দেখা গৈছে, ইয়াৰ হাটত ঔদাৰ্য্যরূপসঞ্জীৱনী বীজ যেনে মহঙা, বহুদিনৰ অপ্ৰতিপালত খীনোৱা কুটুমৰ জকাটী আৰু কিছুকাল সুদিনৰ অপেক্ষাত বুকত বান্ধি লৈ, সময়ে, সেকি-পুতকি খেতৰ মৰকুচিয়াৰৰ মন্ত্ৰেৰ জাৰি ফুঁকি ৰাখিব লাগিবই। যদি কেতিয়াবা কোনো বিদেশী বেজৰ সুভাগমনৰ ফলে বা স্বদেশেৰ দূৰৈত থকা কালত জ্ঞাতিমিত্ৰৰ বতাহে নোকোবোৱা নিঃস্বাৰ্থতাৰূপ সলিলপূৰ্ণ নিৰ্ম্মল সৰোবৰ নিৰ্ম্মলতাৰে ভৰপূৰ শুদ্ধান্তঃকৰণ লাভ কৰি স্বদেশলৈ চাই চকু পানী টুকিব পৰা বেজৰ উদাৰতাৰ গুণে দেশী বেজে নিজৰ ধোৱাঁচাঙ্গত থোৱা নিভাঁজ সজীৱনী বীজ উলিয়াব পাৰে, আৰু তাক মাৰ্জ্জিত কৰি সস্তা দৰে দেশীয় হাটত বেচিবলৈ উলিয়াব পাৰে, তেন্তে