ভৰত—ককাইদেউ! পৃথিবীৰ সমস্ত ৰজা প্ৰজাৰ আপুনি পিতৃতুল্য। ৰাজসূয় যজ্ঞ পাতিলে যে আপোনাৰ ক্ৰোধ উপস্থিত হব; ফলে অসংখ্য প্ৰাণী বধ হব। এতেকে মোৰ মনেৰে এই কাৰ্য্যৰ পৰা ক্ষান্ত পোৱাই মঙ্গল।
ৰাম—বোপা! তোমাৰ কথাত মই বৰ সন্তুষ্ট হলোঁ। পৃথিবী ৰক্ষা সম্বন্ধে তুমি অকুণ্ঠিত ভাবে পুৰুষাৰ্থ সমন্বিত ধৰ্মসঙ্গত কথাকেই কইছা। তোমাৰ সদ্বাক্যানুসাৰেই মই সঙ্কল্পিত ৰাজশূয় যজ্ঞৰ পৰা ক্ষান্ত পালোঁ।
লক্ষ্মণ—ককাইদেউ! ই কোনো কথা নহয়। ধৰ্ম্ম কাৰ্য্যৰ অনুষ্ঠানত যিবিলাক প্ৰাণী বধ হবৰ সম্ভৱ, সেইবিলাক সম্ভৱতঃ কোন বিধৰ প্ৰাণী হব পাৰে? অৱশ্যে ধৰ্ম্মৰ ব্যাঘাতকাৰী হব। পাপীৰ প্ৰায়শ্চিত্ত হবই লাগে। তথাপি যদি ৰাজশূয় যজ্ঞ কৰিবলৈ আপোনাৰ অনিচ্ছা হৈছে, তেন্তে মোৰ প্ৰাৰ্থনা যেন আপোনাৰ অভিৰুচি পৰম পাৱন সুমহান যজ্ঞ অশ্বমেধ যজ্ঞৰ ফালেই প্ৰৱৰ্ত্তিত হয়। পুৰাণত কৈছে পুৰন্দৰ ইন্দ্ৰ ব্ৰহ্মহত্যা পাতকত পৰিও অশ্বমেধ যজ্ঞানুষ্ঠান কৰি পৱিত্ৰ হৈছিল।
ৰাম—সঁচা। অশ্বমেধ যজ্ঞ যৰ্থাথতে শ্ৰেষ্ঠ। বাৰু তোমাৰ কথা মতেই হওক। এতিয়া তুমি অশ্বমেধ বিধানযজ্ঞ দ্বিজপ্ৰবৰ বশিষ্ঠ, ৰামদেৱ, জাৱালী আরু কশ্যপক মাতি আনাগৈ। সিবিলাকৰ লগত পৰামৰ্শ কৰি যথাবিধান লক্ষণ সম্পন্ন অশ্ব বিসৰ্জ্জন কৰা হওক।