পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
বৈদেহী-বিচ্ছেদ।


দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য—বাল্মীকিৰ আশ্ৰম।

হাতত ফুলৰ মলা লৈ মুনিপত্নীসকল আৰু ঋষিকুমাৰসকলৰ

গীত।

অযোধ্যাৰ লক্ষ্মী,  প্ৰাণাধিকা সখী,
 ব’লা ব’লা মিলি সকলো যাওঁ;
বনফুল হাৰে, পূজোঁ হেপাহেৰে,
 অতি সাদৰেৰে আগ বঢ়াওঁ।
পৰ্ণ কুটীৰত, জানকী সখীক, বলাঁ আনি থওঁ;
সকলোৱে বেৰি, প্ৰাণ মন খুলি, দুটি কথা কওঁ।
 দেখিম নয়ন ভৰি,
 শোভিব সীতা সুন্দৰী,
হাঁহি মুখে, মন সুখে,
 সীতাৰ চন্দ্ৰমুখখনি চাওঁ।

(জানকী আৰু ভলুকা লিতিকাইৰে সৈতে বাল্মীকিৰ প্ৰবেশ)

বাল্মীকি— (অলপ আগ বাঢ়ি মুনিপত্নী সকলৰ প্ৰতি) অয্যোধ্যাৰ লক্ষ্মী মহাৰাণী মহাসতী জানকীক প্ৰভু ৰামে বিনা দোষত কেৱল লোকাপবাদৰ ভয়ত বনলৈ পঠাইছে। সম্প্ৰতি মহাৰাণীয়ে আমাৰ আশ্ৰমৰ শোভাবৰ্দ্ধন কৰিব। তোমালোক সকলোৱে তেওঁৰ প্ৰিয় কাৰ্য্য কৰিবা। মহাৰাণীয়ে কোনো বিষয়ত কষ্ট পালে মই নিজে পোৱা যেন বুলি ভাবিম।