পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
বৈদেহী-বিচ্ছেদ।


একাকিনী বৈদেহীৰ বিলাপ।

দয়াৰ আধাৰ, পুণ্য পাৰাবাৰ,
 দুৰ্ভগা জানকী জীৱন।
বনফুল হাৰে, পুজোঁ হেপাহেৰে,
 সেৱোঁ ৰাতি দিনে চৰণ॥
নিৰ্জ্জন কাননে, পশু পক্ষীগণে,
 লভোক তোমাৰ চৰণ;
চতুৰ্দ্দিকে মই, দেখোঁ ৰামময়,
 কৰোঁ সুখে বিচৰণ।

(অচেতন )

(ঋষিকুমাৰসকলৰ প্ৰবেশ)

প্ৰথম কুমাৰ— আ হা হা! কেনে শুৱনী! কেনে শুৱনী!! ইস্ বনখানকেই পোহৰ কৰিব লাগিছে। আহা হা! কেনে সুন্দৰী!! কেনে সুন্দৰী!!!

দ্বিতীয় কুমাৰ— নহয় ভাই! কান্দিছে গুণেহে মুখখনি জুইৰ দৰে জিলিকিছে। ভাই কান্দিছে বা কিয়? অহিছে বা ক'ৰ পৰা? দেহি ঐ! কেনেকৈ উচুপি উচুপি কান্দিছে চোৱাঁছোন।

তৃতীয় কুমাৰ—ভাই এওঁ নিশ্চয় কোনোবা স্বৰ্গৰ দেবী। আমাৰ প্ৰভুৱে দেখিলে নিশ্চয় চিনিব পাৰিব। আমাৰ প্ৰভুৱে ভাই, স্বৰ্গৰ দেৱদেৱীবিলাককো চিনে নহয়। ব’লা প্ৰভুক বেগেতে মাতি আনোগৈ।