এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪
বৈদেহী-বিচ্ছেদ।
হৃদি আসনত বহি,
ফুলটোৰে সৈতে যেন,
পাতিছে গুপুত কথা।
৩য় অ:। (চকুৰ পানী মচি)।
তেওঁ এই ফুলনীৰ ৰজা
১ম অ:। এওঁ নিষ্ঠুৰ ভোমোৰা,
নাই দয়া মায়া
সখি! চোৱাঁ
যূতিৰ, বগলিৰ পাখি যেন,
বগা পাহি কিটি,
ৰাহু গ্ৰাসে, পূৰ্ণিমাৰ চন্দ্ৰ যেন
ইজনৰ উজ্জ্বল কাজল ৰঙে যেন,
কাঢ়ি নিলে মধুৰতা
মলিন শোকত।
হাই সখি!
কুমলীয়া ফুলটীয়ে,
এওঁৰ এই নিষ্ঠুৰাক্ৰমণে,
কত কষ্ট ভাবিছে মনত।
৪ৰ্থ অ:।—সখি! সেইটি নহয়।
যূতি ফুল দেখিছা কোমল হয়,
কিন্তু, প্ৰেমফুল, এনেহে কোমল,
তুলনাত যূতি ফুল বজ্ৰৰ সদৃশ্।
সেই প্ৰেমফুলময়,