পৃষ্ঠা:বৈকুণ্ঠ পয়ান চৰিত্ৰ.pdf/৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ

বৈকুণ্ঠ পয়ান চৰিত।

পদ।

শুনা সভাসদ পদ গুৰুৰ চৰিত।
ভকত জনৰ ইটো পৰম অমৃত॥
শঙ্কৰ মাধৱ দুই পৰকাল বিত্ত।
দুহান চৰন চিন্তা হুয়া এক চিত্ত॥ ১
শঙ্কৰ মাধৱ মোৰ অন্তিমৰ গতি
জণ্মে জণ্মে হৌক তযু চৰেনেসে ৰতি॥
তোমাৰ চৰনে মই পশিলো শৰণ৷
আমি পাতকিক নচাৰিবা কেতিক্ষন॥ ২
পশু যেন বন্দি ভৈলো মায়া জালে পৰি।
মোৰ যত দোষ মৰষিয়ো কৃপা কৰি॥
নাজানোহো স্তুতি নতি পৰম দুৰ্ম্মতি।