পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

আমাৰ সম্পৰ্কটোৰ আয়ুস কিমান

আমাৰ সম্পৰ্কটোৰ আয়ুস কিমান দিনৰ
আপুনি জানেনে?
এদিন
দুদিন
এবছৰ
নে নিয়তিৰ হাতত?
প্ৰত্যুত্তৰত
আপোনাৰ ওঁঠত এমোকোৰা হাঁহি
মই আকৌ কৈছিলো
সম্পৰ্ক গঢ়াটো সহজ
ভঙাটো তাত্‌কৈ সহজ
কিন্তু
জীয়াই ৰখাটো কঠিন
তেতিয়া আপোনাৰ ওঁঠৰ হাঁহিটো সেমেকিছিল
মই আকৌ কৈছিলো
বিশ্বাস
প্ৰতিশ্ৰুতি
এইবোৰ মই
আপোনাৰ হাতত গুঁজি থওঁ
তেতিয়া আপোনাৰ চকুদুটি
উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকিল
ওঁঠত
মৌনতাই সীছিল॥

৩৮ • বেদনাৰ মিঠা মাদকতা