পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

একুঁকি অনুভৱ

 

 অনুভৱৰ নিভৃত কোণত পুঞ্জীভূত হোৱা কিছু অনুভূতিৰ বাহ্যিক প্ৰকাশত মই ব্যৰ্থ। শব্দৰ মালাগাঁথি কবিতাৰ পোছাক পিন্ধাবলৈ অনভিজ্ঞ। জীৱনৰ বিভিন্ন সময়ে ভিন ভিন অৱয়বে দোলন দিয়া মুহূৰ্তত, উক্‌মুকাই উঠা ভাৱবোৰে এটা দুটা শব্দৰ আকাৰ লয়। মনৰ মাজত চেপি খুন্দি থকা ভাৱবোৰ পূৰ্ণ পৰিপক্ক ভাবে প্ৰকাশ কৰিব নোৱাৰাত অন্তৰ্দাহনত নোভোগা নহয়। কবিতাৰ প্ৰেমত, জোনবাইৰ প্ৰেমত বহু বছৰ আগতেই পৰিছিলো, দুই এক কবিতা লিখিছিলো কিন্ত প্ৰকাশৰ মুখ যে দেখিব সেয়া কল্পনাপ্ৰসূত। কেঁচেলুৱা জীৱনত গোট মাৰি বৰফ হৈ থকা বাস্তৱ অনুভৱবোৰ তুলাপাতত খুদিত কৰি থোৱা প্ৰয়াস মাথো এয়া। মোৰ একাকী মুহূৰ্তত মন আৰু মগজুৰ যৌথ আক্ৰমণত পুথিৰ আকাৰ লোৱা লিখনীয়ে যে পাঠকবৃন্দক প্ৰশমিত ও মনৰ খোৰাক যোগাব সেয়া অলীক আশা। ভুল-ভ্ৰান্তি সততৰে স্বীকাৰ কৰি সন্মানীয় পাঠকৰ মত-অভিমত একান্তৰে কামনা কৰিলোঁ।

 

জোৱলা বৰা