পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বেদনাৰ মিঠা মাদকতা

ভৰ দুপৰতে হাঁহিটি হেৰাল
কোনেও নজনাকৈ
স্মৃতিত পাইছো দেখা
তলসৰা শেৱালিৰ বেদনা
আৰু শুনিছোঁ
মৰা কলিজাৰ সুৰ
পৰ বুলি ভবা চকুলো
এতিয়া......
বুকুৰ আপোন হ’ল
জোনাকী বাটৰ সুৰীয়া সপোন
যেন উকা দাপোণ
মনৰ মণি কোঠাত
যদিও এৰো বাণ
নীৰৱতা
আছে তাতো
বেদনাৰ মিঠা মাদকতা॥

২২ • বেদনাৰ মিঠা মাদকতা