পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
বেজবৰুৱা বংশাৱলী

দুই কন্যা পুত্ৰ এক আইনা গৰ্ভে ধৰে।
দুলাল গোপান কথা কহে অনন্তৰে॥
মনুৰাম বৰুৱাৰ সুতা যিটো হয়।
দুলালে পৰম প্ৰীতি বিবাহি আছয়॥
গোবিন্দ নামত পুত্ৰ কন্যা আইকণ।
গোপালৰ বিবাহৰ নাই সঙ্ঘটন॥
 

গঙ্গাই বৰুৱাত্মজ তুৱাৰাম নাম।
দেৱৰাম নামত তৃতীয় অনুপাম॥
ইসবৰ একো নাই বংশ নিৰুপণ।
দধিৰাম বৰুৱাৰ কৰোহোঁ বৰ্ণন॥
দধিৰাম ভেৰগঞাঁ বৰুৱা প্ৰখ্যাত।
মহাই ফুকন সুতা বিবাহি সাক্ষাত॥
দুই পুত্ৰ কন্যা এক সতী গৰ্ভে ধৰে।
কহোঁ বিবৰিয়া সিটো কথা অনন্তৰে॥
কেশৱ মহন্তে বিবাহিলে সেই সুতা।
তাৰ সুতা ৰসেন্দ্ৰ ঘৰত বিবাহিতা॥
জ্যেষ্ঠ পুত্ৰ ভৈল যিটো পৰম শ্ৰীমন্ত।
শাস্ত্ৰত নিপুণ গুণগণে খ্যাতিমন্ত॥
লক্ষ্মীনাথ নাম গজপুৰীয়া বৰুৱা।
একষ্ট্ৰা এচিষ্টেণ্ট ভৈল সম্ভ্ৰম লভিয়া॥