পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
বেজবৰুৱা বংশাৱলী

ডাঙৰীয়া কীৰ্ত্তিনাথ ফুকন তনয়।
কৃপানাথ ফুকন নামত শুদ্ধাশয়॥
ৰাধানাথ ফুকন যে তাহাৰ নন্দন।
এম-এ বি-এল উপাধিক কৰিছা ধাৰণা॥
একষ্ট্ৰা এচিষ্টেণ্ট কমিশ্যনৰ হোৱয়।
বিদ্যাধৰী কন্যা সিটো বিবাহ কৰয়॥
এক সুতা নিৰ্ম্মলাসুন্দৰী প্ৰসবিলা।
নলিনীকুমাৰ পুত্ৰ গৰ্ভত ধৰিলা॥
নন্দীকান্ত আচাৰ্যাৰ সুত চন্দ্ৰধৰ।
মহেশ্বৰী বিবাহিলা হৰিষ অন্তৰ॥
কন্যা এক প্ৰসবিয়া দেবী মহেশ্বৰী।
স্বামী সুতা সমে আছে পতি সেৱা কৰি॥
দৈচুঙীয়া শ্ৰীধৰ মহৰিৰ সুতা।
নাৰায়ণ সুত আনন্দৰ বিবাহিতা॥
মোহিনী নামত নাৰায়ণৰ ভগিনী।
বিশ্বশ্বৰ খাওন্দৰ ভৈলেক ঘৰিণী॥
প্ৰথম তনয় তাৰ জগন্নাথ নাম৷
দ্বিতীয় ভুবনেশ্বৰ কৰিবো ব্যাখ্যান॥
দুহিতা নৰ্ম্মদা আৰু মাণিকী বোলয়৷
নৰ ৰাজগুৰু ঘৰে নৰ্ম্মদা পৰয়॥
এক পুত্ৰ কন্যা এক প্ৰভৰাইলা সতী৷
কালৰূপে স্বামী লাগে মৰি সাথে গতি॥