পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

বেজবৰুৱা বংশাৱলী


জয় জগন্নাথ দেৱ দৈৱকী নন্দন।
অনাথৰ নাথ তুমি প্ৰণত পালন॥
ব্ৰহ্ম আদি দেৱে যাৰ চৰণ সেৱন্ত।
যাৰ নাম স্মৰণে পাপৰ হোৱে অন্ত॥
মহা মহা যোগী সমাধিত নপাৱয়।
ভক্তি লেশ উদয়ত সমস্ত মিলয়॥
পৰম পুৰুষ গুৰু বান্ধৱ মাধৱ।
অষ্টাঙ্গে প্ৰণাম কৰোঁ হেন আদিদেৱ॥
কৃষ্ণৰ ভৃত্যৰ ভৃত্য দ্বিজ দীননাথ।
অজ্ঞানত মজি আছোঁ পৰম অনাথ॥
পৰম কৃপালু গুৰু প্ৰসাদ লভিয়া।
মতি অনুসাৰে পৱাৰক আৰম্ভিয়া॥
ৰস ৰস ঋষি চন্দ্ৰ বৰ্ষে চৈত্ৰ মাস।
বংশাৱলী পৱাৰ কৰিতে কৰোঁ আশ॥
আমাৰ বংশৰ বৃদ্ধ পিতৃব্য দুতয়।
হৰিৰাম ৰামহৰি পৰম সুনয়॥