পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
বেজবৰুৱা বংশাৱলী

শেষ আৰু সুমতি গোলোক সদাশয়।
গুণগণে নিপুণ বিনীত আতিশয়॥
কিন্তু বোধ ইন্দ্ৰ দুই পৰলোক হৈয়া।
কৰ্ম্ম অনুসাৰে স্থান পাই আছে গৈয়া॥
বিশেষত গোলোক সৰাৰ মধ্যে আতি।
গুণৰূপ সুবিনয় জানিয়ো সম্প্ৰতি॥
দেৱৰাম জালভাৰী ফুকন সুমতি।
তান সুতা সুমঙ্গলা বিবাহিলা ঐতি॥
মলীয়া বৰুৱা সিদ্ধেশ্বৰ যাক কয়।
তাহাৰ দুহিতৃ গুণৱতী অতিশয়॥
লৌহিত্যৰ দেৱালৰ ঠাকুৰ অশেষ।
ভেলানাথ চাৰিঙ্গীয়া ফুকন বিশেষ॥
তাৰ মধ্য পুত্ৰত বিবাহ দিয়া আছে।
পৰম সুখত আতি আছে গৃহবাসে॥
ৰাম বৰুৱাৰ আতি ছোট ভনীয়েক।
বাঞ্চা নামত অতিগুণে সুভন্বিতা॥
কৈচোঙ্গৰ ৰামভদ্ৰ মহন্তে বিহাইল।
গোপাল নামত পুত্ৰ মহাশ্ৰেষ্ট ভৈল॥
এহিমানে ইকথাক কৰি সমাপতি।
দ্বিজ দীননাথে ভনে স্মৰাঁ যদুপতি॥