পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
বেজবৰুৱা বংশাৱলী


তাহাৰাৰো হৈয়া আছে পুত্ৰ একগুটি।
নামত মুকুন্দচন্দ্ৰ কহিলোঁ প্ৰকটি॥
প্ৰথম ভাৰ্য্যাৰ এহিমানে সমাপতি।
দ্বিতীয়ৰ আবে কহোঁ নাম গ্ৰাম খ্যাতি॥
ৰাৱণ দ্বিজৰ পুত্ৰীৰ নামত পতানী।
শেষে বিবাহিলা সিটো দ্বিজ মহামানী॥
তান গৰ্ভে ভৈল মাত্ৰ কন্যা একগুটি।
ৰূপেগুণে নিপুণ অম্বিকা নামে তৈতি॥
কৰতীগাৱঁৰ সত্ৰ অধিকাৰ হয়।
বসুদেৱ নাম দ্বিজে বিবাহি আছয়॥
আবে ৰাম বৰুৱাৰ ভগিনীৰ কথা।
শ্ৰুত অনুসাৰে তাক কহিবোঁহোঁ এথা॥
মধ্যম সোদবী যিটো চন্দ্ৰা মহাসতী।
ৰূপে গুণে সবিনয় জানিবাহা ঐতি॥
অনন্ত কন্দলি ঘৰে জন্ম মহাশয়।
পৰ্ব্বতীয়া বৰুৱা যে সূৰ্য্য় নাম কয়॥
তাহাৰেসে বৈবাহিক সিটো চন্দ্ৰাসতী।
পঞ্চপুত্ৰ এক কন্য়া হৈয়াছিল তৈতি॥
সিটো কন্য়া চাপকটা মহন্তক দিলা।
শশধৰ নাম পুত্ৰ প্ৰভবি বহিলা॥
যিটো পঞ্চ পুত্ৰ ভৈল পৰম সুনয়।
বাপুৰাম ৰুদ্ৰ কৃষ্ণকান্ত মহাশয়॥