পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৫৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
বেজবৰুৱা বংশাৱলী


তাহাৰ সন্মত আছে আমাৰ ওপৰে।
এইপদ নিবন্ধন কৰোঁ সেই তৰে॥
তান দুই ভাৰ্য্যা আতি পৰম শোভনা।
প্ৰথমৰ বিবাহিতা মিজাই নাম জানা॥
জালভাৰী ফুকন যাক ওপৰে লেখিলোঁ।
তান সুতা ভাগ্যৱতী জানিবা কহিলোঁ॥
সিটো দেবী গৰ্ভে তিনিজন ভৈল পুত্ৰ।
হেমকণ্ঠ দুৰ্গেশ্বৰ মহেশ্বৰ তত্ৰ॥
দুৰ্গেশ্বৰ নাম যিটো গুণগণে সাৰ।
চাকৰিৰ মধ্যে পাইল বিষয় নাজিৰ॥
মহেশ্বৰ নাম বাপুবৰুৱা কহয়।
তাৰ পুত্ৰী বিবাহিলা জানিবা নিশ্চয়॥
নামত কমলেশ্বৰ হৈয়াছে সন্ততি।
আর দুই ভ্ৰাতৃৰ শুনিও কথা ঐতি॥
মধ্যজন হেমকণ্ঠ কাৰ্য্য়ত কুশল।
তনুৰৰ পুজাৰিৰ সুতা বিবাহিল॥
অপৰ্ণা নামত আতি পৰম সুন্দৰী।
সুখত আনন্দে আছৈ স্বামী সেৱা কৰি॥
পৰম শোভন এক সন্তান ভৈলন্ত।
দণ্ডীৰাম নামে সৰ্ব্ব লোকেও কহন্ত।
কনিষ্ট যিজন মহেশ্বৰ মহাশয়।
ভোবোলা নাজিৰ কন্য়া বিবাহি আছয়॥