পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
বেজবৰুৱা বংশাৱলী


আৰে মই মতিহীন অনাথৰ কথা।
যথাৰূপে নিবন্ধন কৰিবোঁহোঁ ইথা॥
চতুৰ্থ বৰ্ষত মোৰ অভাগ্য়ৰ বশে।
মাতৃপৰলোক গৈল কালৰ বিপক্ষে॥
দুৰ্ব্বীনাম মোহোৰ ভগিনী যিটো সতী।
আৰু অগ্ৰজৰ পত্নী দেবী মহামতি॥
তাৰ প্ৰতিপালে ক্ৰমে বৰ হৈলোঁ।
যথামতি শাস্ত্ৰসব কিঞ্চিত পঢ়িলোঁ॥
উনবিংশ বৰ্ষে পিতৃদেৱৰ শাক্ষাত।
জ্যেষ্ঠৰ উদ্যোগে মই ভৈলো বিবাহিত॥
সিটো বৰ্ষে পিতৃ বিষ্ণুলোকে গৈল মৰি।
গৃহ এৰি গৈলোঁ কজি-বৃত্তিক বিচাৰি॥
মহাৰাজ পুৰন্দৰ সিংহ নৃপমণি।
ঈশ্বৰ ইচ্ছায়ে পাইলে ইটো ৰাজ্যখিনি॥
পঞ্চতীৰ্থ মধ্যে তাঙ্ক সাক্ষাত কৰন্তে।
তাহান প্ৰসন্ন বৃষ্টি মোত পৰিলন্ত॥
মোৰ উদেৱ তাক প্ৰাত তৈতি।
বেজৰ বৰুৱা মোক সিটো স্থানে পাতি॥
সঙ্গে আনি সমাদৰত ৰাখিয়া।
মান্য় যশ বিভূতিক দিলে সমাপিয়া॥
বিশেষত মোৰ জ্যেষ্ঠ, মই ব্য়তিৰেকে।
কাহাৰো ঔষধ ৰাজা নাখায় সম্য়কে॥