পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
বেজবৰুৱা বংশাৱলী

প্ৰথম বিবাহিত চন্দ্ৰায়নী সতী।
তান পিতৃকুলে কেহো নাথাকিল ঐতি॥
বিশেষত তান পুত্ৰ এক কন্যা দুই।
গুণযশ সমস্তক লোক সবে কয়।
পুত্ৰ যিটো মোৰে অগ্ৰজ খ্যাতিমন্ত।
হলিৰাম বৰুৱা পৰম গুণৱন্ত॥
বৈদ্য বিদ্যা আদি নানা শাস্ত্ৰত পাৰ্গত।
ৰজা প্ৰজা সমস্ততে মান্য অবিৰত॥
বৈদ্য শাস্ত্ৰ আদি বিদ্যা জানি আছে মানে।
পৰম সাদৰে মোক শিখাইল যতনে॥
সৰুহন্তে প্ৰতিপালি পুত্ৰৱতে অতি।
মোহোক বঢ়াইলে ইটো জানিৱা সম্প্ৰতি।
জালভাৰী ফুকন আদি চতুৰ্থ বিষয়।
পাই আছে মহামান্য সুখ অতিশয়॥
দিচিয়াল কটকি মন্মথ সুতা ধন্যা।
গুণৰূপে উপমা নাহিক যিটো কন্যা॥
তাহাক বিবাহ কৰি আনিলা নিশ্চয়।
অৰুণ নামত সতী গুণ অভিশয়॥
দুইকন্যা তিনিজন পুত্ৰ প্ৰভৰায়া।
মহাপুণ্য উপাৰ্জ্জয় সুখভোগ পায়া।
আয়ুসৰ শেষে কৃষ্ণপক্ষ কাৰ্ত্তিকত।
অষ্টমী তিথিত বিষ্ণুলোক উপগত॥