পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
বেজবৰুৱা বংশাৱলী

মাহৰা মহন্ত জয়দেব নামসাৰ।
দেৱযানী বিবাহিলা কৰিয়া বিচাৰ॥
তাহাৰাৰ পুত্ৰী নাম অম্বিকা ভৈলেক।
কৰতীগ্ৰামৰ অধিকাৰ বিহাইলন্ত॥
জালভাৰী ফুকন লোকনাথ নাম কয়।
কণিকীক বিবাহ কৰিলা সিটো তয়॥
ভৃতয় দুহিতৃ তাহাৰ উতপতি।
মহেশ্বৰী হেমকান্তী মাহিন্দ্ৰী সুসতী॥
ঔৱাৰ মহন্ত জগন্নাথ মহাসম্ভ।
মহেশ্বৰী কন্যাক বিবাহ কৰিলন্ত॥
আগমৰ শিৱদেৱ নাম মহাশয়।
হেমকান্তী কন্যা তথা বিবাহ কৰয়॥
যিটো নামা মাহিন্দ্ৰী পৰম গুণৱতী।
তাহান সন্ততি আত নৰহিল আতি॥
শ্ৰীৰাম খুৰাৰ পুত্ৰ বেথাৰাম খ্যাতি।
পুত্ৰী পূৰ্ণী সিধাই নীলাই তিনিজনা তৈতি॥
ভকতধূলি খাওন্দৰ যে বসু দ্বিজবৰ।
পূৰ্ণীক বিবাহ কৰি গৈলা যমঘৰ॥
কৌশিকৰ ঘৰে পৰিছিলা সিধাই সতি।
তান পুত্ৰ ভূধৰ যে আছয় সম্প্ৰতি॥
নীলাই নামা সতী পুৰ্ব্বকালে মৃত্যু ভৈলা।
মধুৰাম ডেকাৰ সন্তান চাৰি ৰৈলা॥