পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
বেজবৰুৱা ৰংশাৱলী

তাসবাৰ মাতা ভোলাই বৰুৱা জীয়ৰী।
নিজ পুত্ৰ সমে সুখে আছে বাস কৰি॥
বৰপৰিয়াল কথা এহিমানে এৰি।
অপৰ কথাক নিবন্ধিবোঁ যত্ন কৰি॥
যিটো সৰুমাই জানা শিষ্টা মহাসতী।
তাহান গৰ্ভত চাৰি পুত্ৰ উতপতি॥
মহাবিজ্ঞজন যাক লোক সবে কয়।
সৰু পৰিয়াল বুলি জানিবা নিশ্চয়॥
ৰঘু বিষ্ণু অঙ্গদ বৰুৱা অভিৰাম।
পৰম বিশিষ্ট চাৰিজন অনুপাম॥
ৰঘুৰেসে এক পুত্ৰ ৰামকৃষ্ণ নাম।
পুত্ৰ চতুষ্ঠয় ভৈলা শুনা গুণগ্ৰাম॥
কুশাই নিজাই আৰু মাধ পৰ্শুৰাম।
সদা কৰ্ম্ম নিৰত গুণত অনুপাম॥
বিশেষত তাসবাৰ মন্দ ভাগ্য ফলে।
হইবাৰ সন্ততি মৰি গৈলা অবিকলে॥
বিষ্ণু পিতামহ পুত্ৰ তিনিজন আতি।
পৰম পবিত্ৰ নানা স্থানে ৰৈল খ্যাতি॥
হৰিনাম নৰহৰি আৰু ৰামহৰি।
শেষকালে বিষ্ণুলোেক পাইলা প্ৰাণএৰি॥
বিশেষত হৈৰাম ডেকা নাম যিটো জ্যেষ্ঠ।
পৰম বিশিষ্ট গুণে নামে মহাশ্ৰেষ্ঠ॥