পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
বেজবৰুৱা বংশাৱলী

বাহাৰ উদ্যোগে আমি ইহাক প্ৰবন্ধে।
সাধ্যমতে বিৰচিলোঁ ইটো পদছন্দে॥
মধুবৰা নাম দ্বিজ পৰম ধাৰ্ম্মিক।
তাহান ভাতিজা গোপী জানিবা প্ৰত্যক্ষ॥
সিজনৰ সহোদৰা সতী যিটো ধন্যা।
বিবাহ কৰিলা তেহো জানা সিতো কন্যা॥
তাহাৰাৰ কন্যা দুই পুত্ৰ দুই আৰ।
ৰূপে গুণে সুশোভন জানিবা সুসাৰ॥
প্ৰথম তনয় ভৈল পদ্মনাথ নাম।
মহাবুদ্ধিমান সিটো গুণে অনুপাম॥
কনিষ্ঠ জনৰ পীতাম্বৰ ভৈল নাম।
তাসম্বাৰ কৈলো গুণগ্ৰাম যে পৰম॥
যিটো চন্দ্ৰকান্ত অতি পৰম শোভন।
গুণসব আছয় পৰম বুদ্ধিমান॥
যোগেশ্বৰ মৌজাদাৰ দ্বিজ মহাশয়।
বায়ন বৰুৱাৰ ঘৰ যাৰ নাম কয়॥
এক পুত্ৰ কন্যা একা তেওঁ জন্মাইলা।
পুৰণিমাটি সত্ৰে কন্যা বিবাহক দিলা॥
তাহাৰ দুহিতা বিবাহিলা মহামতি।
পৰম সুন্দৰী জানা আছয় সম্প্ৰতি॥
বাপুৰাম ডেকাবেসে পুত্ৰ দুইজন।
জনাৰ্দ্দন ৰঙ্গামুৱা জানিবা এইক্ষণ॥