পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বেজবৰুৱা বংশাৱলী

পুত্ৰেক ভৈলাহা শ্ৰেষ্ঠ নামে মুক্তাৰাম।
গুণত নিপুণ সিটো বিখ্যাত পৰম॥
ঢাপকটা মহন্ত সুতা ৰিহাইল তৈতি।
পৰম সুন্দৰ তিনি হৈআছে সন্ততি॥
প্ৰথম যে হেমচন্দ্ৰ পৰম কুশল।
মধ্যম তুলসীৰাম কনিষ্ঠ কমল॥
মধুৰাম বৰুৱাৰ অনুজ পৰম।
দেৰগয়াঁ বৰুৱা যে দধিৰাম নাম॥
মহাজন ৰূপেগুণে খ্যাতিমন্ত অতি।
বিবাহিলা মহাই ফুকন সুতা সতী॥
ভৈলা দুই পুত্ৰ কন্যা অতি সুশোভনা।
তাহাৰ কহিবোঁ কথা সকলক শুনা॥
সিটে কন্যা পৰম সুনদ্ৰী মহাসতী।
কেশৱ মহন্ত দ্বিজ তাইৰ ভৈল পতি॥
ঢেকিয়ালে বাস কৰে কন্যা এক ভৈল৷
ৰসেন্দ্ৰ বৰুৱা ঘৰে তাহাঙ্ক বিহাইল॥
তান জ্যেষ্ঠ ভ্ৰাতৃ যিটো পৰম শ্ৰীমন্ত।
গুণগণে নিপুণ পৰম খ্যাতিমন্ত॥
ৰাজ দৰ্বাৰত সম্ভ্ৰমক পায়া ৰৈল।
কলেক্টৰি চেৰেস্তাৰ অধিপতি ভৈল॥
লক্ষ্মীনাথ নাম গজপুৰীয়া বৰুৱা।
পৰম ধাৰ্ম্মিক শাস্ত্ৰগণ অভ্যাসিয়া॥