পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

তাহাৰ ভগিনী এক আৱৰ আছয়।
যোগ্য অনুসাৰে নিজ পেটক পোষয়॥
চতুৰ্থ জনৰ কথা এহিমানে থওঁ।
নিৰঞ্জন বৰুৱাৰ আখ্যানক কওঁ॥
ঈশ্বৰ ভৃত্যৰ ভৃত্য ভনে ইটো পদ।
ৰাম ৰাম স্মৰাঁ সবে খণ্ডোক আপদ॥


 দুলড়ী।

আত পৰে শুনা,  কহিবোঁ কাহিনি,
 কথা ইটো বিপৰীত।
আমাৰ উপৰি, নিৰঞ্জন নাম
 বৈদ্যৰ বৰুৱা খ্যাত॥
মহা ধৰ্ম্মশীল, পৰম বিদ্বান,
 বৈষ্ণৱ অতি বিচিত্ৰ।
নানা তীৰ্থক্ষেত্ৰে, পৰম প্ৰকটে,
 ফুৰিলা হুয়া পবিত্ৰ॥
তাহান তনয়, অতি শুভনয়,
 জগন্নাথ নামে সাৰ৷
ৰজাৰ ঘৰত, যশক পাইলন্ত
 মৰ্য্যাদা অতি সৎকাৰ॥