পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
বেজবৰুৱা বংশাৱলী

দুৰ্গেশ্বৰ সুতা নাম ভবানী সুন্দৰী।
তাৰ সুতা যতীন্দ্ৰে বিবাহে ৰঙ্গ কৰি॥
বিদ্যা অৰ্থে বঙ্গদেশে যতীন্দ্ৰ চলিল।
তদবধি বিধিবশে নিৰুদ্দেশ ভৈল॥
শিৱসাগৰৰ খেটকেশ্বৰ পণ্ডিত।
তাৰ কন্যা লক্ষ্মীনাথে বিবাহে তহিত॥
চাৰি পুত্ৰ তিনি কন্যা সতী প্ৰসবিল।
নীলনাথ বুদ্ধিশ্বৰ প্ৰেমনাথ ভৈল॥
কালীনাথ নাম ভৈল চতুৰ্থ নন্দন।
জ্যেষ্ঠ কনিষ্ঠই প্ৰাণ কৈলা বিসৰ্জ্জন॥
মুক্তিনাথ কন্যা নীল কৈলা পৰিণয়
সন্তান নভৈল নীল প্ৰাণ পৰিহয়॥
বদ্ধিশ্বৰে জাঁজিগ্ৰামে বিবাহ কৰয়।
কন্যা দুই সিটোজনে লভিয়া আছয়॥
উমাকান্তি অপৰ যোগদা নাম থৈলা।
প্ৰেমনাথে ইন্দ্ৰেশ্বৰ সুতা বিবাহিলা॥
প্ৰেমনাথ পত্নী লভে তনয় শোভন।
ভোলানাথ নাম থৈলা কৰিয়া গণন॥
শুনা নাম লক্ষ্মীনাথ দুহিতা যে তিনি।
গোলাপী অপৰা লীলাৱতী যে তাৰিণী॥
নাম খগেশ্বৰ বৰঠাকুৰ বোলয়।
গোলাপীক সিটো জনে বিবাহি আছয়॥