পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বেজবৰুৱা বংশাৱলী

যাক ৰাজঘৰ হন্তে মান্য কৰি আতি।
শ্বেতকম্বলক দিয়া থৈল গোসাই পাতি॥
কাকতীয়া ঘৰৰ যে শিৱনাথ নাম।
তুাম্বুলীফুকন গুণগ্ৰাম অনুপম॥
তেহো আদি ইদেশৰ নানা ভদ্ৰলোক।
যাৰ শিষ্য হৈয়া গৈল জানিবা প্ৰত্যেক॥
দুৰ্গোৎসৱ সময়ত বৰ্ষে বৰ্ষে আতি।
দুৰ্গা প্ৰতিমাক দেয় ৰাজঘৰ হৈতি॥
যাৰ ব্ৰহ্মোত্তৰ ভূমি আছয় প্ৰকট।
মহুৰা বচাত দীচৈ মাজালিত শত।
আৱৰ উত্তৰ পাৰে আছয় বিশেষ।
আমি সবে ভোগ কৰোঁ অদ্যাপি নিশেষ॥
দুলভ গোসাইৰ পুত্ৰ গুণে শ্ৰেষ্ঠতৰ।
ভট্টাচায্য খ্যাতি পাইলা নাম বিশ্বেশ্বৰ॥
তাহান ভগিনী পঞ্চজনা অতিৰেক।
সাৱশেষে কহোঁ নাম গ্ৰাম সকলেক॥
পহাৰ্জ্জিসত্ৰত দিলা কামেশ্বৰী নামা।
মাহৰাত দিলা দুৰ্গানামা নিৰুপমা॥
কামেশ্বৰী দেবীৰ যে পতি মহাশয়।
বিশ্বদেব নাম তাঙ্ক সকলে কহয়॥
তান সুত কামদেৱ মহন্ত প্ৰখ্যাত।
পৌত্ৰ ৰামদেৱ জানা আছয় সাক্ষাত॥