পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
সৰু সৰু ৰজাৰ কথা।

বৃটিচ্‌ গৱৰ্ণমেণ্টৰ এজন, 'পলিটিকেল এজেণ্ট' বা ৰাজপ্ৰতিনিধি থকাৰ নিয়ম চলে। ১৮৯১ খ্ৰীষ্টাব্দত মণিপুৰত এটা ভয়ঙ্কৰ বিদ্ৰোহ হৈছিল। সেই আপাহতে, অসমৰ চীফ কমিচনাৰ মিঃ কুইণ্টন, বৃটিচ্‌ পলিটিকেল এজেণ্ট মিঃ গ্ৰীমউড্‌ প্ৰভৃতি পাঁচজন বৃটিচ্‌ ৰাজকৰ্মচাৰীক মণিপুৰীবিলাকে ঠেকত পেলাই লৈ বধ কৰে। সেই অপৰাধত সুৰচন্দ্ৰসিংহক ভাঙ্গি নাবালক ৰাজকোঁৱৰ চূড়াচন্দ্ৰসিংহক ৰজা পতা হয়; যুৱৰাজ কুলচন্দ্ৰক দেশান্তৰ কৰা হয়। সেনাপতি টিকেন্দ্ৰজিত আৰু টঙ্গাল জেনেৰেলক ফাঁচী দিয়া হয়। চূড়াচন্দ্ৰসিংহই এতিয়া বৃটিচ্‌ ৰজাৰপৰা মহাৰাজ খিতাপ পাইছে।

 মুঠ্‌-কথা।—“বাৰভূঞা” নামে বাৰজন ৰাজখোৱা আছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সিবিলাকৰ ক্ষমতা প্ৰৱল আছিল। দক্ষিণ পাৰেও বাৰজন ভূঞাৰ বসতি আছিল, কিন্তু সিবিলাকে উত্তৰপৰীয়া ভূঞাসকলৰ দৰে ৰাজকীয় ক্ষমতা চলাব পৰা নাছিল। ভূঞা আটাইবিলাকেই কায়স্থ, মাথোন ওপৰঞ্চি দুঘৰ বামুণ ভূঞাৰ বসতি কামৰূপত থকা জনা যায়। ভূঞাবিলাক কোচৰ জাতবৈৰী আছিল। শদিয়া অঞ্চলত খাম্‌তী ৰজাৰ প্ৰভুত্ব চলিছিল। ডিব্ৰুগড় মটকৰ ৰাজধানী আছিল। জয়ন্তীয়া, শ্ৰীহট্ট, মণিপুৰ এই কেইখন সৰু সৰু ৰাজ্যতো সুকীয়া ৰজা আছিল। শেহান্তৰত অসমৰ সৰু-সৰু ৰজা আটাইবিলাক আহোম ৰাজৰ শৰণীয়া হয়গৈ। মণিপুৰীয়া ৰজা এতিয়াও , আছে। তেওঁ এতিয়া বৃটিচ্‌-ৰাজৰ তলতীয়া।