তেওঁ আঢ়ৈ কুৰি বৰ বৰ সুখ্যাতিৰে ৰাজপাট খাই, ১৫৮৪ খ্ৰীষ্টাব্দত স্বৰ্গী হল।
মহাৰাজ নৰনাৰায়ণে মৰণৰ সময়ত পুতেক লক্ষ্মীনাৰায়ণ, আৰু ভতিজাক ৰঘুৰায়ৰ মাজত তেওঁৰ ৰাজ্য ভগাই দি যায়। ৰঘুৰায় যুৱৰাজ চিলাৰায়ৰ পুতেক। নৰনাৰায়ণৰ পাচত, তেওঁৰ দিহা মতেই শোণকোষৰ পূব ভাগত ৰঘুৰায় আৰু পছিম ভাগত লক্ষ্মীনাৰায়ণ ৰজা হল। লক্ষ্মীনাৰায়ণৰ ৰাজ্যত এতিয়াৰ কোচ বিহাৰ, দিনাজপুৰ, জলপাইগুৰি আৰু ভাটী-ৰংপুৰ জিলা পৰিছিল। ৰঘুৰায়ৰ ৰাজ্যত এতিয়াৰ গুৱালপাৰা, কামৰূপ আৰু মঙ্গলদৈ মহকুমা পৰিছিল। এই দৰেই বছৰচেৰেক দুয়ো দুখন সুকীয়া ৰাজ্যত ৰজা হৈ আছিল। কিন্তু, পাচলৈ দুয়ে দুইকো হিংসা কৰিবলৈ ধৰিলে। তাৰ ফলত দুইৰ ভিতৰত কন্দল লাগি উঠিল। সেই কন্দল লাগি থাকোতেই ৰঘুৰায় ঢুকাল, আৰু তেওঁৰ ৰাজ্যত তেওঁৰ পুতেক পৰীক্ষিতনাৰায়ণ ৰজা হল। পৰীক্ষিত ৰজা হৈয়ে দদায়েক লক্ষ্মীনাৰায়ণ ৰজাক আক্ৰমণ কৰিলেগৈ। লক্ষীনাৰায়ণে ঠাৱৰিব নোৱাৰি ঢাকাৰ নবাবৰ আশ্ৰয় ললেগৈ। এই কথাত ভয় খাই পৰীক্ষিতনাৰায়ণেও নবাবৰ কাষ চাপিলেগৈ; নবাবে আগৰ লক্ষ্মীনাৰায়ণৰ পক্ষ লোৱাত, পৰীক্ষিতে তাৰপৰা জাহাঙ্গীৰ বাদচাহৰ ওচৰলৈ আগ বাঢ়িল; কিন্তু দিল্লী নৌ পাওঁতেই বাটতে তেওঁ ঢুকাল। সেই ছেগতে, ইফালে ১৬১৩ খ্ৰীষ্টাব্দত নবাবে পৰীক্ষিতৰ ৰাজ্য দখল কৰি বহিলেছি। এয়ে অসমত মছলমানৰ ৮ম, আক্ৰমণ।