বিশ্বসিংহৰ পাচত, তেওঁ দি যোৱা দিহামতে, ১৫৩৪ খ্ৰীষ্টাব্দত মালদেৱ, ৰজা হয়। মালদেৱে, ৰজা হোৱাৰ পাচত, নৰনাৰায়ণ নাম লয়। আৰু তেওঁ শুক্লধ্বজক চিলাৰায় নাম দি যুৱৰাজ পাতে। এই কথাত বেজাৰ পাই, ককায়েক নৰসিংহই ৰাজ্যত বিদ্ৰোহ তুলিছিল। কিন্তু, তেওঁ উদ্দেশ্য সিদ্ধি কৰিব নোৱাৰি দেশ এৰি বিদেশলৈ পলাব লগা হল। তাৰ পাচত, নৰনাৰায়ণে বৰ সুখ্যাতিৰে সৈতে ৰাজ্য চলাবলৈ ধৰিলে। তেওঁ ৰজা হৈয়ে আহোম ৰাজ্য দুবাৰ আক্ৰমণ কৰাইছিল। তাৰ কথা “বুৰঞ্জীবোধ"ৰ মাজছোৱাত, তৃতীয় পাঠত বহলাই কোৱা হৈছে।
চিলাৰায় এজন আচল বীৰ পুৰুষ আছিল। ৰণ-বিদ্যাত তেওঁ বৰ পৈণত আছিল। কোচ ৰজাই আহোম ৰজাৰে সৈতে মিতিৰ পতাৰ পাচত, তেওঁ অসমৰ চাৰিওফালে দেশ জয় কৰিবলৈ ধৰিলে। বছৰচেৰেকৰ ভিতৰতে তেওঁ কছাৰি ৰজা, জয়ন্তীয়াৰ ৰজা, মণিপুৰৰ ৰজা, ত্ৰিপুৰাৰ ৰজা, ডিমূৰীয়াৰ ৰজা এইবিলাকক এজন-এজনকৈ ৰণত হৰুৱাই কোচ ৰজা নৰনাৰায়ণৰ তলতীয়া কৰিলে। তাৰ পাচত, তেওঁ শ্ৰীহট্ট ৰাজ্য আক্ৰমণ কৰেগৈ। কিন্তু, সেই সময়ত, শ্ৰীহট্টৰ ৰজা বৰ পৰাক্ৰমী আছিল। গতিকে, তেওঁ চিলাৰায়ৰে সৈতে তয়াময়াকৈ ৰণ পাতিলে। অৱশেষত চিলাৰায় ৰণত জিকিলগৈ যদিও, সেই ৰণত তেওঁৰ ভালেমান পৈণত ৰণুৱা নিপাত হল। তথাপি, বাকী ৰণুৱাৰে সৈতেই মনৰ বলত তাৰপৰা বাজে বাজে গৈ, চিলাৰায়ে বিষম বিক্ৰমেৰে গৌৰদেশ
আক্ৰমণ কৰিলেগৈ। এইবাৰ কিন্তু তেওঁৰ প্ৰতাপ নৰজিল।
৬