পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
কছাৰি ৰজাৰ কথা।

কাৰণে, বৃটিচ্‌ ৰাজে তেওঁৰ দাবী গ্ৰাহ্য নকৰিলে। তথাপি, তেওঁ আগেয়ে ভোগ কৰা ৰাজ্যতে তেওঁক জমিদাৰ পতা হল। সেই বাবে তেওঁ বৃটিচ্‌ গৱৰ্ণমেন্টক বছৰি ৪৯০ টকা কৰ শোধাইছিল।

 মুঠ্‌-কথা।—কছাৰি জাতি ব্ৰহ্মপুত্ৰ উপত্যকাৰ আদিবাসী মানুহ। ইবিলাকৰ দোৱান আছিল, কিন্তু সাহিত্য নাই। আহোম ৰজাৰ লগত কছাৰি ৰজাৰ ভালেমান ৰণ লাগিছিল। সেইবোৰ আজিকালিও “কছাৰি-ৰণ” নামে অসমীয়া মানুহৰ মুখত পটন্তৰ হৈছে। কছাৰি ৰাজ্য আদিতে দিখো নৈৰ পূবভাগত আছিল। তাৰপৰা আহোম ৰজাই ঠেলি নি নি ধনশিৰীৰ দক্ষিণে ডিমাপুৰ পোৱালেগৈ। তাৰ পাচত, মায়বং নামে ঠাইত ঠেলি থলেগৈ। এতিয়া সেই ঠাই চুৰমা উপত্যকাৰ ভিতৰ। আৰু, এতিয়াৰ কাছাৰ জিলাই আগৰ কছাৰি ৰাজধানী আছিল। খুন্‌খৰাৰ পৰা গোবিন্দচন্দ্ৰলৈকে কুৰিজনমান কছাৰি ৰজা হৈছিল। কছাৰিৰ মুঠ ৰাজভোগৰ কাল ৩০০ তিনি-শ বছৰ। কছাৰি ৰাজ বংশৰ আজিকালি চিন্‌ মৰি আহিছে। হিন্দু সংসৰ্গত যিবিলাক এতিয়া আগশাৰীলৈ উঠিছে, তাৰ এভাগে সৰুকোচ নাম লৈছে। যিবিলাক হিন্দুৰ আচাৰ-ব্যৱহাৰত পৈণত হৈ উঠিছে, সিবিলাক বৰকোচ নামে অভিহিত হৈছে। কছাৰিৰ এটা ঠাল সোণোৱাল। সিবিলাকৰ অৱস্থা আনবিলাকতকৈ টনকিয়াল।