পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
বুৰঞ্জীবোধ।

 তাম্ৰধ্বজৰ পাচত সাত জন কছাৰি ৰজাই চাৰি কুৰি বছৰ ৰাজত্ব কৰে। ইবিলাকৰ ভিতৰত সন্ধিকাৰী আৰু কৃষ্ণচন্দ্ৰ এই দুজন প্ৰখ্যাত। সিবিলাকে আহোম ৰজাৰ লগত মিলিব নোৱাৰাৰ গতিকে, অকালতে ৰাজপাটৰপৰা নামিব লগাত পৰে। শেহান্তৰত গোবিন্দচন্দ্ৰ নামে এজন কছাৰি ৰজা প্ৰখ্যাত হৈ উঠে। তেওঁৱেই কছাৰিৰ শেহ ৰজা। তেওঁ ৰজা হৈয়ে কহিধন নামে তেওঁৰ বিষয়া এজনৰ বিদ্ৰোহত পৰে। গোবিন্দচন্দ্ৰই বহু প্ৰবন্ধেৰে বিদ্ৰোহ দমাই কহিধনক বধ কৰিলে। কিন্তু, সিমানতে তেওঁ নিৰাপদ নহল; কহিনৰ পুতেক তুলাৰাম সেনাপতিয়ে আকৌ বিদ্ৰোহ তুলিবলৈ ধৰিলে। এনেতে, মণিপুৰৰ ৰজা মাৰ্জ্জিতসিংহৰ আক্ৰমণো পৰিলহি। গোবিন্দচন্দ্ৰ নিৰুপায় হৈ বৃটিচ ৰাজৰ শৰণাগত হলগৈ। বৃটিচ গৱৰ্ণমেণ্টে সেইমতে তেওঁক আপদৰপৰা ৰক্ষা কৰিলে। কিন্তু, গোবিন্দচন্দ্ৰ আৰু সৰহ দিন নাবাঁচিল। তেওঁ অপুত্ৰক হৈ মৃত্যু হোৱাত, ১৮৩২ খ্ৰীষ্টাব্দত কছাৰি ৰাজ্য বৃটিচৰ খাচ্‌ দখললৈ নিয়া হয়। এতিয়াৰ কাছাৰ জিলাই কছাৰি ৰজাৰ শেহ ৰাজধানী আছিল।

 তুলাৰাম সেনাপতি এজন বৰ চোকা বুদ্ধিৰ বীৰপুৰুষ আছিল। তেওঁ গোবিন্দচন্দ্ৰ ৰজাৰ দিনত কেইবাবাৰো বিদ্ৰোহ ঘটাই কছাৰি ৰাজ্যৰ এভাগ তেওঁৰপৰা কাঢ়ি নৈছিল। সেই ভাগ ৰাজ্যৰে তেওঁ এজন স্বতন্তৰীয়া অধিপতি হৈ উঠিছিল। গোবিন্দচন্দ্ৰ অপুত্ৰক হৈ মৃত্যু হোৱাত, তুলাৰাম সেনাপতিয়ে কছাৰি ৰাজপাটলৈ বেঙা মেলিছিল। কিন্তু, তেওঁ কছাৰি ৰাজবংশী নহয়