পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
ছুটীয়া ৰজাৰ কথা।

এদিনো মুখেৰে দিন নিয়াব নোৱাৰিছিল। সেই বাবে তাৰ পৰিয়ালত সুখ-শান্তি নাছিল। তাৰ বেজাৰতে বীৰবলৰ ৰাতিও টোপনি নাহে। পিচে, এদিন সি এটা সমাজিক দেখিলে। সেই সমাজিক মতে এজোপা গছৰ তলত সি ভালেমান ধন-সোণ পালে। তাৰ লগতে সি এখন ঢাল, এখন তৰোৱাল আৰু এটা সোণৰ মেকুৰিও পালে। সেই সম্পত্তি পোৱাৰ পাচত বীৰবলৰ দুখ গুচি সুখ হবলৈ ধৰিলে। তাৰ বলতে তেওঁ ছুটীয়া বংশৰ ভিতৰত এজন আঢ্যৱন্ত লোক হৈ উঠিল। সেই দেখি, সেই সম্পত্তি কুবেৰে দিয়া সম্পত্তি বুলি কোৱা হৈছিল।

 বীৰবলৰ সন্তান বুলিবলৈ এটি লৰা আছিল। লৰাটি বৰ ৰূপহ। তাৰ স্বভাৱ-চৰিত্ৰও বৰ ভাল। সেই দেখি, ৰূপে-গুণে ৰজিতা খুৱাই লৰাৰ নাম গৌৰনাৰায়ণ ৰখা হয়। গৌৰনাৰায়ণ ৰূপ-গুণত যেনেকৈ জিলিকিছিল, বুদ্ধি-পৰিশ্ৰমৰ বলতো তেওঁ তেনেকৈ উধাব পাৰিছিল। পিতাক ঢুকুৱাৰ পাচত, তেওঁ সেই “কুবেৰে দিয়া সম্পত্তি”ৰ গৰাকী হল। কিন্তু, সেই বুলি গৌৰনাৰায়ণ উধত্‌‌‌‌ নহল। তেওঁ ভাবি-চিন্তি ধীৰে-শাঁতে সেই সম্পত্তিৰ সজ ব্যৱহাৰ কৰিবলৈ ধৰিলে। তেনেকুৱা চলনৰ গুণতে তেওঁ ছুটীয়াৰ মাজত এজন অতি গণ্য-মান্য লোক হৈ উঠিল। আন কি, ছুটীয়াবিলাকে পাচলৈ তেওঁক ৰজা বুলি মানিবলৈ ধৰিলে। ১২২৩ খ্ৰষ্টাব্দত সঁচাসচিকৈয়ে ৰজা হৈ গৌৰনাৰায়ণে ছুটীয়া ৰাজ্যত ৰত্নপুৰ নামে এখন ৰাজধানী পাতিলে। তাৰ পাচত, তেওঁ ৰত্নধ্বজপাল নাম লৈ মহা সুখে ৰাজপাট খাবলৈ ধৰিলে।