পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
বুৰঞ্জীবোধ।

বৃটিচৰ “হাউচ্‌ অৱ কমন্স” নামে পাৰ্লিয়ামেন্ট ৰাজসভাৰ লগত মিলে। বৰবৰুৱা ন্যায়-সোধৰ ঘাই বিষয়া আছিল। তেওঁৰ বিষয়-বাব আৰু মেল এতিয়াৰ হাইকোৰ্টৰে সৈতে মিলে। বৰফুকন গুৱাহাটীত ৰজাৰ প্ৰতিনিধি শাসনকৰ্ত্তা। আদিতে বৰফুকন কলিয়াবৰত হে পতা হৈছিল। এই জনা ঘাই বিষয়াক বৃটিচৰ গৱৰ্ণৰ জেনেৰেল বা লাট চাহাবৰে সৈতে ৰিজাব পাৰি। দাঁতিয়লীয়া গোহাঞি আৰু ৰাজখোৱা সকলো সৰুবিধৰ প্ৰতিনিধি- শাসনকৰ্তা আছিল। ইবিলাকক বৃটিচৰ পলিটিকাল এজেণ্ট সকলৰে সৈতে ৰিজাব পৰা যায়। কিন্তু, ডাঙ্গৰীয়া আৰু বিষয়া সকলোৱেই সেনাপতি বাব পাইছিল; সিবিলাকৰ ৰণলৈকো যাব লগীয়া বাব আছিল।

 আহোম ৰজাৰ তলে ভালেমান সৰু সৰু ৰজা আছিল। ইবিলাকৰ এভাগ আহোমৰাজৰ কৰলীয়া আৰু এভাগ মিত্ৰ ৰজা আছিল। সেই কাৰণে, আহোম ৰজাক আগৰ মোগল আৰু এতিয়াৰ বৃটিচ্‌ সম্ৰাটৰ সৈতে ৰিজাব পাৰি। আন স্বাধীন ৰজাৰে সৈতে ৰণ লাগিলে সেই তলতীয়া ৰজাসকলে আহোম ৰজাক ৰণুৱা দি সহায় কৰিব লাগিছিল। মুঠৰ ওপৰত, আহোম-ৰাজ বৃহৎ বৃটিচ্‌-ৰাজৰ এটি সৰু আৰ্হি আছিল।

 আহোমসকল ৰণ-বিদ্যাত বৰ পৈণত আছিল। আহোমৰ লাছিত বৰফুকন আৰু গদাধৰসিংহ স্বৰ্গদেৱৰ নিচিনা বীৰ পৃথিবীত সৰহ ওপজা নাই। মূলাগাভৰুৰ নিচিনা আহোম ৰমণীসকলেও ৰণক্ষেত্ৰত গৈ ৰণ দিছিল। আহোম ৰজাৰ