পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
মানৰ দিন।

ডাঙ্গৰীয়াৰ পুতেক ৰুচিনাথ গোহাঞিদেৱে দেউতাকৰ বিষয়-বাব লৈ লৰালৰিকৈ আকৌ ৰণৰ দিহা কৰিবলৈ ধৰিলে। কিন্তু, ইতিমধ্যত মানহঁতে নগৰৰ ভিতৰ সোমাই ভালকৈ খোপনি পিটি লোৱাত তেওঁৰ সকলো যত্ন বিফল হল। ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গাৰীয়া নিৰুপায় হৈ আঁতৰি গুৱাহাটী পালেগৈ। তাৰ পাচত; চন্দ্ৰকান্তসিংহ শৰণাগত হোৱাত, তেওঁকে ৰজা ৰাখি বদনচন্দ্ৰই “মন্ত্ৰীফুকন” নাম লৈ ৰাজ্য চলাবলৈ স্থিৰ কৰিলে। এই দৰে, বদনচন্দ্ৰৰ উদ্দেশ্য সিদ্ধি হোৱাত, তেওঁ তুঙ্গখুঙ্গীয়া ফৈদৰ বগা কোৱঁৰৰ আইদেও এগৰাকীক বৰ্ম্মা ৰজাত বিয়া দিবলৈ পঠিয়াই সেই ৰজাৰে সৈতে মিতিৰ পাতিলে। তাৰ পাচত, তেওঁ ভালেমান ধন-বস্তু দি মানহঁতক সন্তুষ্টকৈ বিদায় দিলে। এয়ে অসমত মানৰ প্ৰথম আক্ৰমণ।

 মানৰ ২য়, আক্ৰমণ।— মান উলটি যোৱাৰ পাচত, বদনচন্দ্ৰ বৰফুকন আহোম ৰাজ্যৰ আচল গৰাকী হৈ বহিল। চন্দ্ৰকান্তসিংহ নামত মাথোন ৰজা, কিন্তু ৰজাৰ ক্ষমতা বদনচন্দ্ৰই হে চলায়। পিচে, ক্ষমতা বঢ়াৰ লগে লগে তেওঁৰ অত্যাচাৰো বাঢ়িবলৈ ধৰিলে। তেওঁৰ অত্যাচাৰত প্ৰজাৰ শান্তি নোহোৱা হল। শেহান্তৰত সেই অত্যাচাৰ অসহনীয় হোৱাত, আন-আন ডাঙ্গৰীয়া-বিষয়াসকলে মিলি বদনচন্দ্ৰক ছলেৰে বধ কৰালে। তাৰ পাচত, ৰাজমাও দেউতাই ৰুচিনাথ বুঢ়াগোহাঞি ডাঙ্গৰীয়াক নগৰলৈ মাতি পঠিয়ায়। কিন্তু, ডাঙ্গৰীয়াই চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱৰ ওপৰত সন্দেহ কৰি ততালিকে আহিবলৈ আগ