খোৰা-ৰজা।—গড়গঞা ৰজাৰ পাচত, তেওঁৰ পুতেক চুখাম্ফা কোৱঁৰ ৰজা হয়। তেওঁ হাতীৰপৰা পৰি খোৰা হোৱাৰ কাৰণে, তেওঁক “খোৰা-ৰজা” নামেও জনা যায়।' আহোম ৰজাৰ ভিতৰত এই জনা ৰজাই আটাইতকৈ অধিক কাল ৰাজপাট খাইছিল। খ্ৰীঃ ১৫৫২ চনৰপৰা ১৬১১ চনলৈকে খোৰাৰজাদেৱে পুৰা তিনি কুৰি বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ দিনত ভালেমান ডাঙ্গৰ ঘটনা হৈছিল; তাৰ ভিতৰত কোচৰ দ্বিতীয় আৰু তৃতীয় আক্ৰমণ, ছুটীয়া বিদ্ৰোহ, ঢেকেৰী-বিদ্ৰোহ, নৰা ৰজাৰ আক্ৰমণ, সলাল-গোহাঞিৰ বিষয় পাতন, ১৫৯৬ খ্ৰীষ্টাব্দৰ ডাঙ্গৰ ভূইকঁপ; মছলমানৰ সপ্তম আৰু অষ্টম আক্ৰমণ এইবোৰই প্ৰধান।
'পিছলাপৰীয়া' ৰণত ঘাটি যোৱাৰ অপমান গুচাবৰ মনেৰে, ১৫৬২ খ্ৰীষ্টাব্দত চিলাৰায়ে আকৌ আহোম ৰাজ্য আক্ৰমণ কৰে। এইবাৰ আহোম সেনাপতিয়ে ছল কৰি, তেওঁৰ বাৰবৰণীয়া সেনাবিলাকক লগুণ পিন্ধাই কপিলা গৰুৰ ওপৰত তুলি ৰণলৈ পঠিয়ালে। সেই সেনাবিলাক গৈ সমুখ হোৱাত, বামুণ আৰু কপিলা বধৰ পাপলৈ ভয় কৰি, চিলাৰায়ে ৰণ নকৰি উলটি গুচি গল। ইফালে ৰণৰ বঁটা স্বৰূপে সেই বামুণ-সজা সৈন্যবিলাক বামুণ হৈয়ে থাকিল। কিন্তু, দেশলৈ উলটি গৈ চিলাৰায়ে সেই ভুৱা দিয়া কথা জানিবলৈ পালে। সেই কাৰণে, তেওঁ ১৫৬৩ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আকৌ আক্ৰমণ কৰিলেহি। এইবাৰ খোৰা-ৰজা ঠাৱৰিব নোৱাৰি হুঁহকি পৰিল, আৰু উত্তৰ-