পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
বুৰঞ্জীবোধ।

থকা জাতি। টাই ভাষাত লিখা বুৰঞ্জী পুথি এতিয়াও অলেখ আছে। আগৰ দিনত টাই জাতিৰ নিচিনাকৈ বুৰঞ্জীৰ মোল বুজা জাতি পৃথিবীত নিচেই তাকৰ হে আছিল। নিৰ্ম্মল পানীৰ মোল টাই জাতিয়ে ভালকৈ বুজিছিল। পানী নিকা ৰাখিবলৈ ৰহঢলা প্ৰথা সিবিলাকৰ সুকীয়া আছিল। সেই কাৰণে, সিবিলাকৰ যতে বসতি, ততে ৰহঢলা পুখুৰী আছিল। সিবিলাকৰ এৰা-ৰাজ্যত আজিকালিও হাবিয়ে-বননিয়ে ৰহঢলা পুখুৰী দেখিবলৈ পোৱা যায়। তাৰ পানী অদ্যাপি নিকা। পাচলৈ টাই জাতিক অসম বা অহম বোলা হয়। আজিকালি সেই অহম জাতিকে আহোম বোলা হৈছে। আৰু সেই অহম নাম অনুসাৰেই আজিকালি এই দেশৰ নাম অসম বা আসাম হৈছে। আৰু, সেই টাইভাষাকে আজিকালি আহোম ভাষা বোলে।

 মুঠ্‌-কথা।—টাই জাতি শ্যাম প্ৰদেশৰ মানুহ। শ্যাম প্ৰদেশ বৰ্ম্মা দেশৰ ভিতৰত। টাই জাতিৰ মানুহ বৰ বলী, সাহী আৰু ৰণুৱা আছিল। সিবিলাক বৰ ৰাজভক্ত। ৰজাক সিবিলাকে ঈশ্বৰযেন জ্ঞান কৰিছিল। টাই জাতি বৌদ্ধ ধৰমী আছিল। সিবিলাকৰ সুকীয়া সাহিত্য আছিল। টাই ভাষাত অলেখ বুৰঞ্জী আৰু ধৰ্ম্ম-পুথি আছে। এই পুথিবিলাক পয়াৰ ছন্দত ৰচনা কৰা হৈছিল। টাই জাতিয়েই অসমদেশৰ আহোম জাতিৰ আঁতি-গুৰি। আৰু, টাই-ভাই আহোম-ভাষা। ইয়াৰ পাচৰ পিঠত এই বিষয়ে ভাঙ্গি কোৱা হৈছে।