পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
টাই জাতিৰ কথা।

অতি সৰল আৰু গভীৰ আছিল। ৰজাৰ হৈ ৰণ দিবলৈ সিবিলাক সদায় সাজু। সিবিলাকে কাৰ্ফাই-ধেনু, নাকৈ-দা, ঢাল-তৰোৱাল, কাঁড়-ধেনু, যাঠী, বৰছা, বাৰু এইবোৰ অস্ত্ৰেৰে ৰণ কৰিছিল। সিবিলাকৰ ৰণ কৰাৰ নিয়ম অতি বিতোপন আছিল। সিবিলাকে একে খেপতে আটাইবিলাক ৰণুৱা ৰণত নলগাইছিল। ঠায়ে-ঠায়ে ৰণুৱা ৰখাৰ কোঁঠ আছিল। এটা কোঁঠৰ ৰণুৱাই আন কোঁঠৰ ৰণুৱাক সহায় কৰিব পৰাকৈ দিহাকৰণ হৈছিল। শত্ৰুৰ অলেখ-লেখ বুজি বতৰা দিবলৈ চোৰাংচোৱা, চৰীয়া, ৰিপুৱা এনেবিলাক কৰ্ম্মচাৰী আছিল। আৰু, ঘোঁৰাৰ ডাকেৰে ৰণৰ বাতৰি ৰজাক নিতৌ জনাই থকাৰ নিয়ম আছিল।

 টাই জাতিৰ মানুহ বৌদ্ধ ধৰমী আছিল। সিবিলাকে এজন ঈশ্বৰক মাথোন মানিছিল। “অহিংসা পৰম ধৰ্ম্ম" এই বাক্য সিবিলাকৰ ধৰ্ম্মৰ মূলমন্ত্ৰ আছিল। কিন্তু, দেশ জয় কৰাৰ উদ্দেশে সিবিলাক উত্তৰলৈ উজাই আহোঁতে, সেই অঞ্চলৰ পাহাৰী প্ৰজা- বিলাকৰে সৈতে লগালগি হোৱাৰ বাবে পাচলৈ সিবিলাকৰ সেই ধৰ্ম্ম-আচৰণত ভাঁজ লাগিছিল।

 টাই জাতিৰ সুকীয়া সাহিত্য আছিল। টাই ভাষাত সকলো বিষয়ৰ পুথি লিখা হৈছিল। সেই পুথিবিলাক পয়াৰ ছন্দত ৰচনা কৰা হৈছিল। জ্যোতিষ শাস্ত্ৰৰ চৰ্চ্চাত টাই জাতি বৰ পাকৈত আছিল। সিবিলাকৰ জ্যোতিষ-গণনা বৰ ঠিক আছিল। বুৰঞ্জী লিখাৰ পাকত টাই জাতি পৃথিবীৰ সভ্যজাতিৰ মাজত এটা জিলিকি