উঠিল। কান্তনাথে ৰজা হৈয়ে নীলধ্বজ নাম ললে, আৰু যাৰ ঘৰত তেওঁ গৰখীয়া আছিল, সেই বামুণক মন্ত্ৰী পাতিলে। তাৰ পাচত, নীলধ্বজ ৰজাই প্ৰাগজ্যোতিষপুৰৰপৰা ৰাজধানী তুলি নি কমতাপুৰ পাতিলেগৈ। সেই আপাহতে তেওঁক কমতেশ্বৰ নামেও জনা যায়। নীলধ্বজ ৰজাৰ আমোলতে এই দেশলৈ পোন্-প্ৰথমে মুছলমান আহে। আৰু তেওঁৰ দিনতে অগা-পিচাকৈ তিনিবাৰ মুছলমানে এই দেশ আক্ৰমণ কৰেহি।
মছলমানৰ প্ৰথম আক্ৰমণ।—খ্ৰী: ১২০৪ চনত দিল্লীৰ সম্ৰাট মহম্মদ গোৰীয়ে কামৰূপ আক্ৰমণ কৰিবলৈ বক্তিয়াৰ খিলিজিক পঠিয়ায়। বক্তিয়াৰ খিলিজি তেতিয়া বঙ্গদেশৰ চুবাদাৰ আছিল। তেওঁ সেই উদ্দেশে দহ দিন উজাই আহি যেতিয়া কামৰূপৰ পৰ্ব্বতৰ ঠেকত সোমালহি, তেতিয়া নীলধ্বজ ৰজাৰ সৈন্যে তাতে তেওঁক বেৰি ধৰিলেগৈ। তাতে দুয়োপক্ষৰ মাজত এখন ৰণ লাগিল। বক্তিয়াৰ ৰণত ঘাটি পলাই সাৰিল; কিন্তু তেওঁৰ সৈবিলাকৰ এভাগ বন্দী হৈ ৰল। সিবিলাকৰপৰাই এই দেশত মছলমান বসতিৰ আৰম্ভ হয়। আৰু, মহম্মদ গোৰীৰ মানুহ কাৰণে, সিবিলাকক "গোৰীয়া" বোলা হয়।
মছলমানৰ খিতীয় আক্ৰমণ।—বক্তিয়াৰ খিলিজি মৰাৰ পাচত, গিয়াছুদ্দিনক বঙ্গদেশৰ চুবাদাৰ পতা হয়। তেওঁ ১২২৮ খ্ৰীষ্টাব্দত এই দেশ দ্বিতীয়বাৰ আক্ৰমণ কৰেহি।