পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৬
বুৰঞ্জীবোধ।

 চাৰ উইলিয়াম চিন্‌ক্লেয়াৰ মাৰিচ্‌ অসমৰ পোন-প্ৰথম গৱৰ্ণৰ নিযুক্ত হয়। কিন্তু, এই বিষয়-বাব পোৱাৰ সময়তে চাৰ উইলিয়াম মাৰিচ্‌ তিনি মাহৰ ছুটীত বিলাতলৈ যায়। সেই কাৰণে, তেওঁৰ অনুপস্থিতিৰ কালত সেই সময়ৰ শাসনকৰ্ত্তা চাৰ নিকলা বিট্‌চন বেল চীফ্‌ কমিচনাৰ চাহাবেই খ্ৰীঃ ১৯২১ চনৰ ৩ জানুৱাৰীৰপৰা ২ মাৰ্চ্চলৈকে অস্থায়ী ভাৱে অসমৰ গৱৰ্ণৰৰ গাদীত বহিছিল।

 চাৰ উইলিয়াম মাৰিচ যুক্তপ্ৰদেশেৰ গৱৰ্ণৰ হৈ যোৱাত, ১৯২২ খ্ৰীষ্টাব্দৰ ১০ অক্টোবৰ তাৰিখে চাৰ জন হেনৰি কাৰ অসমৰ গৱৰ্ণৰৰ গাদীত বহেহি। তেওঁৰ পাঁচ বছৰীয়া শাসন-ভোগ উকলি যোৱাত, অসমৰ গৱৰ্ণৰী পাটত খ্ৰীঃ ১৯২৭ চনৰ ২৮চনৰপৰা চাৰ লৌৰী হেমণ্ড বহিছেহি।

 মুঠ্‌-কথা।—এতিয়া শাসনৰ গুৰিত দুজন মন্ত্ৰী। দুজন এক্‌জিকিউটিভ মেম্বৰ বাঢ়িল। গৱৰ্ণৰৰ দৰ্ম্মহা মাহে ৫৫০০ পাঁচ হাজাৰ-পাঁচশ টকা। এক্‌জিকিউটিভ কাউন্সিলৰ মেম্বৰ দুজন আৰু মন্ত্ৰী দুজনৰ প্ৰত্যেকে মাহে ৩৫০০৲ তিনি-হাজাৰ পাঁচশ টকাকৈ দৰ্ম্মহা পায়।