পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩। পাঠ।
⸺৹⸺
লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ গৱৰ্ণমেণ্ট।

 অনৰেবল মিঃ জে, বি, ফুলাৰ চীফ্‌ কমিচনাৰ হৈ থাকোতেই পূৰ্ব্ববঙ্গৰ কেইটামান কমিচনাৰী বিভাগ আৰু কেইখনমান জিলা অসমৰ লগত চামিল কৰি, “পূৰ্ব্ববঙ্গ আৰু অসম” নামে এখন নতুন প্ৰদেশ গঠন কৰা হয়। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰৰ- পৰা অসমৰ চীফ্‌ কমিচনাৰৰ পদ উঠাই দি, নতুন প্ৰদেশৰ নিমিত্তে লেফ্‌টেনেণ্ট গৱৰ্ণৰৰ পদ সৃষ্টি কৰা হয়। মিঃ ফুলাৰ চাহাবেই সেই নতুন প্ৰদেশৰ প্ৰথম লেফটেনেণ্ট গৱৰ্ণৰ। তাৰ পাচত তেওঁ কে, চি, এ, আই, খিতাপ পায়; আৰু তেতিয়াৰ পৰা তেওঁক চাৰ বেম্‌ফিল্ড ফুলাৰ নামে জনা যায়। কিন্তু, এই পদত তেওঁ এবছৰমান থাকিয়েই ইস্তফা দি যাব লগাত পৰে।

 চাৰ বেম্‌ফিল্ড ফুলাৰৰ পাচত, অনৰেবল মিঃ এল, হেয়াৰ (পাচত চাৰ লেঞ্চলেট্‌ হেয়াৰ) ১৯০৬ খ্ৰীষ্টাব্দৰ ১৯ আগষ্টৰপৰা পূৰ্ববঙ্গ আৰু অসম প্ৰদেশৰ লেফটেনেণ্ট গৱৰ্ণৰ হয়। তেওঁৰ আমোল বঙ্গদেশৰ “স্বদেশী আন্দোলন” আৰু ৰাজদ্ৰোহী এ দলৰ উৎপাতত এই দেশতো শান্তি নোহোৱা হৈছিল। তেওঁৰ দিনতে ৰঙ্গিয়াৰপৰা টংলালৈকে ৰেলওৱে লাইন বঢ়োৱা হয়, আৰু গুৱাহাটীৰ পাণ্ডুঘাটৰ ওচৰৰ আমিনগাওঁ ষ্টেচনৰপৰা বাজে বাজে কলিকতালৈ চমু ৰেল-বাট যুগুত হৈ উঠে।