পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অতীজৰ কথা।

পাতিলে। তাৰ নাম প্ৰাগ্‌‌জ্যোতিপুৰ আছিল। এতিয়া, তাৰ নাম গুৱাহাটী হৈছে। নৰকাসুৰ বৰ প্ৰতাপী ৰজা আছিল। তেওঁ নিজ ক্ষমতাৰে সৈতে ভালেমান অসাধ্য কাম সাধিছিল। আৰু, পাচলৈ তেওঁ কাকো গণিতা নকৰা হৈ উঠিছিল। পিচে, দ্বাৰকাৰ যাদৱ কোৱঁৰ শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেই গণ্ডপ ভাঙ্গিবৰ মনেৰে এই দেশ আক্ৰমণ কৰেহি। সেই আপাহতে, শ্ৰীকৃষ্ণ আৰু নৰকাসুৰৰ মাজত এখন বৰ ডাঙ্গৰ ৰণ লাগিছিল। ৰণত শ্ৰীকৃষ্ণই নৰকাসুৰক হৰুৱাই বধ কৰি তেওঁৰ ঠাইত তেওঁৰ বৰপুতেক ভগদত্তক ৰজা পাতি থৈ স্বদেশলৈ উলটি গল।

 ভগদত্ত।—তেওঁ এজন ডাঙ্গৰ ৰজা আছিল, আৰু ভালেমান সজকৰ্ম্ম কৰি প্ৰখ্যাত হৈ উঠিছিল। তেওঁ প্ৰজাক বৰ মৰমেৰে পালন কৰিছিল। সেই কাৰণে, প্ৰজাবিলাকেও তেওঁক বৰ প্ৰীতি-ভক্তি কৰিছিল। কুৰুক্ষেত্ৰৰ ৰণত ভগদত্তই এক অক্ষৌহিণী সেনাৰে সৈতে কৌৰৱক সহায় কৰিছিলগৈ। সেই ৰণতে তেওঁৰ মৰণ মিলিল। তেওঁৰ পাচত, কামৰূপত তেওঁৰ ভায়েক বজ্ৰদত্ত ৰজা হয়। তেওঁৰ পাচত এই দেশত নৰকাৰৰ বংশৰ ভালেমান ৰজাই সুখ্যাতিৰে সৈতে ৰাজত্ব কৰিছিল।

 ভীষ্মক।—নৰকাসুৰৰ সমনীয়া এজন ৰজাই একেসময়তে এই দেশৰ পূব ভাগত বিদৰ্ভ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁৰ নাম ভীষ্মক ৰজা। এতিয়াৰ শদিয়া অঞ্চলেই তেতিয়াৰ বিদৰ্ভ ৰাজ্য আছিল। সেই ৰাজ্যৰ ৰাজধানীৰ নাম আছিল কুণ্ডিল-নগৰ। এতিয়া তাৰ নাম শদিয়া হৈছে। ৰুক্মিণী আৰু ৰুক্মবীৰ নামে