পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
চীফ্‌ কমিচনাৰৰ গৱৰ্ণমেণ্ট।

শাসনৰ প্ৰথম বছৰতে ১৮৯০ খ্ৰীষ্টাব্দত মণিপুৰত এটা বৰ ডাঙ্গৰ বিদ্ৰোহ উপস্থিত হয়। সেই বিদ্ৰোহ দমাবলৈ যাওঁতেই তেওঁক আৰু তেওঁৰ লগৰীয়া আৰু চাৰিজন ইউৰোপীয়ান ৰাজকৰ্মচাৰীক মণিপুৰীবিলাকে ছলকৈ বধ কৰে। এই বিষয়ে ওপৰত উনুকিয়াই অহা হৈছে।

 মিঃ কুইণ্টন মণিপুৰত কটা যোৱাৰ পাচত, ১৮৯১ খ্ৰীষ্টাব্দত মিঃ ডবলিউ, ই, ওয়াৰ্ড চাহাব (পাচত চাৰ উইলিয়াম ওৱাৰ্ড) অসমৰ চীফ্‌ কমিচনাৰ হৈ আহে। তেওঁ ইয়াৰ আগেয়েও ইয়ালৈ দুবাৰ অস্থায়ী ভাৱে চীফ কমিচনাৰ হৈ আহিছিল। তাৰো আগেয়ে তেওঁ অসম উপত্যকাত পাঁচ বছৰ জজ আৰু কমিচনাৰৰ পদত নিগাজীকৈ আছিল। তেওঁৰ দিনত অসমৰ মাটিৰ নতুন শ্ৰেণীবিভাগ কৰি ৰাজহৰ নিৰিখ দুগুণকৈ বঢ়োৱাৰ প্ৰস্তাৱ উঠে। সেই কথাত প্ৰজাবিলাকে বৰকৈ আপত্তি কৰাত, ভাৰত-গৱৰ্ণমেন্টে তাতকৈ কম নিৰিখত ৰাজহ নিৰ্ধাৰিত কৰি দিয়ে।

 ১৮৯৬ খ্ৰীষ্টাব্দত চাৰ উইলিয়াম ওয়াৰ্ড চাহাবে পেন্‌চন লৈ যোৱাত, অনৰেবল মিঃ এইচ, জে, কটন চাহাব (পাচত চাৰ হেন্‌ৰী কটন) অসমৰ চীফ্‌ কমিচনাৰ হৈ আহে। তেওঁৰ দিনত ১৮৯৭ খ্ৰীষ্টাব্দৰ ১২ জুনত এটা বৰ ডাঙ্গৰ ভূঁইকঁপ আহিছিল। সেই ভূঁইকঁপত অসমৰ ৰাজধানী শ্বিলং আৰু ভৈয়ামৰ ভালেমান নগৰ আৰু গাওঁ-ভূঁই উছন যোৱাৰ নিচিনা হৈছিল। তেওঁৰ দিনতে, ১৮৯৮ খ্ৰীষ্টাব্দত লুচাই পাহাৰৰ উত্তৰ আৰু দক্ষিণ ভাগ একেলগ কৰি অসমৰ লগত চামিল কৰা হয়। তেওঁৰ আমোলতে,