তাৰ নামনি ভাগ আহোমক এৰি দিয়া হৈছিল। পিছে, জেনেৰেল জেন্কিঞ্চৰ আমোলত সেই আটাইবিলাক ৰাজ্য বৃটিচৰ খাচ্ দখললৈ নিয়া হল। ১৮৫৭ খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত যি ভয়ানক চিপাহী বিদ্ৰোহ হয়, সেই সূত্ৰতে অসমতো এটা বিদ্ৰোহ ঘটিবলৈ ধৰিছিল। পিচে, তাৰ মূলত মণিৰাম দেৱানক ধৰা পেলাই ফাঁচী দিয়াত সেই বিদ্ৰোহ জঁয় পৰিল। ইয়াৰ তিনি বছৰৰ পাচত, ১৮৬০ খ্ৰীষ্টাব্দত অসমত চলি থকা আফুখেতি ৰহিত হয়। তেতিয়াৰপৰা প্ৰজাই এই খেতি কৰিব নোৱাৰা হল। আৰু, তেতিয়াৰপৰা এই খেতি বৃটিচ্ গৱৰ্ণমেণ্টৰ এটা হাতৰ কাৰবাৰ হল। ইয়াৰপৰা গৱৰ্ণমেন্টৰ বিস্তৰ লাভ হয়। মণিৰাম দেৱানৰ "ফাঁচী” আৰু “আফুখেতি ৰহিত” এই দুটা অসমত প্ৰধান ঘটনা। গঞা মানুহে এই দুটা ঘটনাৰ কাল চলিত শঁক আৰু চনৰ আৰম্ভণৰ নিচিনাকৈ লেখত ধৰে।
১৮৭৪ খ্ৰীষ্টাব্দত অসম প্ৰদেশ বঙ্গদেশৰপৰা বেলেগ হয়। তেতিয়াৰেপৰা অসমত এখন চীফ্ কমিচনাৰৰ সুকীয়া গৱৰ্ণমেট চলে। কৰ্ণেল কিটিং অসমৰ পোন্-প্ৰথন চীফ্ কমিচনাৰ। সেই একে সময়তে কাছাৰ আৰু ছিলট জিলাকো খাচ্ অসমৰ লগত