পৃষ্ঠা:বুৰঞ্জীবোধ.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
বুৰঞ্জীবোধ।

দুজন সহকাৰী কমিচনাৰ নিযুক্ত কৰা গল। ইবিলাক দুজনক জুনিয়াৰ আৰু চিনিয়াৰ কমিচনাৰ বোলা হৈছিল। এজনৰ গাত নামনি অসম আৰু ইজনৰ গাত উজনি অসমৰ শাসনৰ ভাৰ দিয়া হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৈৰৱী আৰু দক্ষিণ পাৰে ধনশিৰী নৈকে মাজসীমা পাতি উজনি আৰু নামনি নামে খাচ্‌ অসম দেশ দুভাগ কৰা হয়।

 ১৮৩১ খ্ৰীষ্টাব্দত ডেভিড্‌ স্কট্‌ চাহাব ঢুকালত, তেওঁৰ ঠাইত মিঃ টি, চি, ৰবাৰ্টচন কমিচনাৰ হয়। তেওঁৰ আমোলত উজনি অসমৰ নামনি ভাগত আহোম স্বৰ্গদেৱ পুৰন্দৰসিংহক আকৌ ৰজা পতা হৈছিল। ১৮৩২ খ্ৰীষ্টাব্দৰ সন্ধি মতে, উজনি অসমৰ সেই ছোৱা পুৰন্দৰসিংহ স্বৰ্গদেৱক বছৰি ৫০,০০০৲ টকা কৰ শোধাই ভোগ কৰিবলৈ দিয়া হয়। তাৰ পাচত, সেই কৰ শোধাবলৈ তেওঁ অপাৰগ হোৱাত, সেই ছোৱা ৰাজ্যও কোম্পানীৰ খাচ্‌ দখলৰ ভিতৰ কৰা হয়।

 ১৮৩৪ খ্ৰীষ্টাব্দত মিঃ ৰবাৰ্টচনৰ ঠাইত জেনেৰেল জেন্‌কিঞ্চ কমিচনাৰ হয়। তেওঁ আহিয়েই বৃটিচ্‌ খাচ দখলৰ অসম খণ্ড দৰং, নগাওঁ, কামৰূপ আৰু গুৱালপাৰাএই চাৰিখন জিলাত ভাগ কৰে। জেনেৰেল জেন্‌কিঞ্চৰ আমোলতে অসমৰ বাকী কৰলীয়া ৰাজ্য- বিলাকো এখন-এখনকৈ বৃটিচৰ খাচ্‌ দখললৈ যায়। ১৮৩৬ খ্ৰীষ্টাব্দত কাছাৰ জিলা বৃটিচ্‌ ৰাজ্যৰ ভিতৰ কৰি তাত এজন ডেপুটী কমিচনাৰ পতা হয়। ১৮৩৮ খ্ৰীষ্টাব্দত পুৰন্দৰ সিংহ স্বৰ্গদেৱে নিৰ্দ্ধাৰিত কৰ শোধাবলৈ অপাৰগ হোৱাত, তেওঁ ভোগ