বুৰঞ্জীবোধ।
এই দেশত হিন্দু আৰু বৌদ্ধ ধৰমী মানুহ হে আছিল; তেতিয়া ইয়াত মছলমান আৰু খ্ৰীষ্টান ধৰমী মানুহ নাছিল। এতিয়াৰ দৰেই তেতিয়া এই দেশৰ পৰ্ব্বতীয়া আৰু হাবিয়লীয়া অসভ্য জাতিবোৰৰ কোনো নামলগা ধৰ্ম্ম নাছিল; সিহঁতে গছ, শিল, ভুত, প্ৰেত, পিশাচ ইত্যাদিক পূজা কৰিছিল। পিন্ধন-উৰণতে সেই অসভ্য জাতিৰ মানুহবোৰৰ এভাগ গোটেই নাঙ্গঠ্, আৰু এভাগ আধানাঙ্গঠ্ আছিল।
অতি পুৰণি কালত এই দেশত দানৱ আৰু অসুৰবংশী ৰজাই ৰাজত্ব কৰিছিল। সিবিলাকৰ বিষয়ে বহুল বিৱৰণ পাবলৈ নাই। কিয়নো, তেতিয়া বুৰঞ্জী লিখাৰ নিয়ম চলা নাছিল। সেই কাৰণে, এতিয়া পুৰণি পুথিত সিবিলাকৰ নাম মাথোন পোৱা যায়।
মহীৰঙ্গ।—তেওঁ এজন দানৱবংশী ৰজা আছিল। তেওঁক এই দেশৰ আদিৰজা বুলিব পাৰি। কিয়নো, তেওঁৰ আগেয়ে হোৱা এই দেশৰ ৰজাৰ নাম এতিয়ালৈকে ওলোৱা নাই। মহীৰঙ্গৰ পাচত, তেওঁৰ পো-নাতিসকলে ভালেমান বছৰ এই দেশত ৰাজপাট খাইছিল। সিবিলাকৰ ভিতৰত হতকাসুৰ, সম্বৰাসুৰ আৰু ৰত্নাসুৰ এই কেইজনৰ নাম পুথিত পোৱা যায়।
নৰকাসুৰ।—তেওঁ এজন অসুৰবংশী প্ৰতাপী ৰজা আছিল। তেওঁ আগেয়ে বিদেহ দেশৰ অধিপতি জনক নামে ৰজাৰ ঘৰত পোহপাল গৈ আছিল। এতিয়াৰ উত্তৰ-বিহাৰেই সেই বিদেহ দেশ। তাৰপৰা আহি হে নৰকাসুৰ এই দেশত ৰজা হয়। তেওঁ ইয়াত ৰজা হৈয়ে কামপীঠত এখন বিতোপন ৰাজধানী