“মৎস্য কূৰ্ম নৰসিংহ বামন পৰশুৰাম
হলিৰাম, বৰাহ, শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ
ত পাৱে কৰোহ প্ৰণাম॥”
আন আন অৱতাৰৰ দৰে এই মহাপুৰুষজনায়ো অকল ভাৰতবৰ্ষৰ লোকৰে সাময়িক সামাজিক গ্লানি দূৰ কৰি ক্ষান্ত থকা নাই। তেওঁ সমগ্ৰ জগতবাসীৰ উপকাৰৰ কাৰণে কিছুমান নতুন আদৰ্শ সৃষ্টি কৰি থৈ গৈছে আৰু মানৱ সমাজৰ কাৰণে নতুন কৰ্তব্য নিৰ্দ্ধাৰণ কৰি থৈ গৈছে। সেইবোৰ জগতৰ পৰিবৰ্ত্তন স্বত্বেও মানুহে চিৰন্তন সত্য বুলি মানি লবলৈ বাধ্য হৈছে।
এসময়ত বৌদ্ধ, ধৰ্ম সমগ্ৰ পৃথিৱীৰে প্ৰধান ধৰ্ম্ম আছিল বুলি কলেও বঢ়াই কোৱা নহয়। প্ৰায় ১৫০০ বছৰ ধৰি অৰ্থাৎ খৃঃ পূঃ ৫০০ ৰ পৰা ১০০০ বছৰলৈকে বুদ্ধৰ শিকনি গোটেই এছিয়া মহাদেশতে প্ৰচলিত আছিল। আনকি য়ুৰোপৰ আৰু আফ্ৰিকাৰ ভূমধ্য সাগৰৰ উপকূল অঞ্চলতো ভাৰতবাসী সাওদসকলৰ লগত যোৱা ভিক্ষুবিলাকে ধৰ্ম প্ৰচাৰ কৰা বুলি জানিব পৰা যায়। এছিয়াৰ আন অঞ্চলৰ কথা বাদ দিও বৰ্তমান দক্ষিণ ছিয়া,