ত্ৰুটি-স্বীকাৰ
মাননীয় বৰদলৈ ডাঙৰীয়াৰ এই পুথিখনি চপোৱাৰ ভাৰ অজি প্ৰায় দুবছৰ আগতে আমাৰ গাত পৰে। দুখৰ বিষয় ছাপাখানালৈ যুগুত কৰি পঠোৱা প্ৰথম নকলটো কলিকতাৰ গৃহযুদ্ধত লুপ্ত হয়। তাৰ পিছত কলিকতাৰ অশ। এৰি দি কয় বাৰ ইয়াৰ নকল যুগুত কৰি যোৱা ফেব্ৰুৱাৰী মাহতে স্থানীয় জয়ন্তী প্ৰেছত দিয়া হৈছিল। কিন্তু এই প্ৰেছতে নানান অলৈ-আহুকালৰ বাবে কিতাপ- খন ওলোৱত অশাতীতভাৱে পলন হল। দ্বিতীয় মন কৰিব লগা কথা এয়ে যে আমাৰ নেতাসকলৰ একাণপতীয়। সাহিত্য-চৰ্চাৰ ঠাই জেখানহে। বাহিৰত থকা সময়ত ৰাজহুৱা কামৰ হেচত তেওঁলোকৰ বহুতে ভাত-মুঠি সুস্থিৰে খাবলৈকে। আহৰি নেপাষ। এনে কাৰণতে বৰদলৈদেৱে জেলত লিখা এই পুথিবোৰ দ্বিতীয় বাৰ চকু ফুৰাই দিব নোৱাৰাত আৰু মূল পুথিত কিছুমান কথা বৰ অস্পষ্টভাৱে লিখা থকাত ঠায়ে ঠায়ে দুই এটা ভুল ৰৈ যোবা সম্ভৱ। তদুপৰি অমৰ বিশেষ যত্নতে। ছাপাখানৰ ভূতৰ সাবে পুথিখনিৰ ঠায়ে ঠায়ে দুই এটা চকুত পৰা ভুলা ৰৈ গল। সি যি নহওক আশা কৰো ২৪ তাঙৰণত এই ভ্ৰম-প্ৰমাদ শুচিব। ৰাইজে পুথিখনি আদৰি ললে আন কেইখনি পুথিও ক্ৰমাৎ ছপা হৈ ওলাব। বিনীত ৫|১১ls৭ শ্ৰীঅতুলচন্দ্ৰ হাজৰিকা গুৱাহাটী )