পোৱা যায় পুৰোহিতশ্ৰেণী আৰু লগে লগে কৰ্মকাণ্ডত বিশ্বাস বঢ়াৰ লগে লগে সাধাৰণ মানুহৰ মানসিক খৰ্বতা আহিল। সেই সময়ৰ মানুহৰ শাৰীৰিক আৰু আৰ্থিক অৱস্থাৰ সম্বন্ধে বৌদ্ধ- ভিক্ষুবিলাকৰ কামৰ পৰাই অলপ আভাস পোৱা যায়। স্পষ্ট বুজিব পাৰি কি পৰিমাণে ভোগ কাৰণে আহাৰৰ অভাৱত আৰু নৈতিক ব্যভিচাৰিতাৰ বাবে মানুহবিলাকে কষ্ট পাইছিল। ইয়াকো বুজিব পাৰি যে দেশত বিশেষকৈ নগৰবোৰত মানুহৰ সংখ্যা বাঢ়ি গৈছিল কিন্তু সেই অনুপাতে থকা-মেলা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ব্যৱস্থা সমাজৰ পৰা বা ৰজাঘৰৰ পৰা বিশেষভাবে কৰা হোৱা নাছিল। চমুৱাই কবলৈ হলে ইয়াকে বুজা যায় যে সেই সময়ত সমাজে নিস্ক্ৰিয় বা জড় অৱস্থা পাইছিল আৰু সকলো ৰকমে পতনৰ ফালে যাবলৈ ধৰিলে।
বুদ্ধদেৱক অৱতাৰ বোলা হয় এই খনিতেই আৰু তেওঁৰ মহিমা আৰু মহত্ত্ব এইখিনিতেই যে তেওঁ এই পতিত মনুষ্য সমাজক পুনৰ জীৱন দান কৰিলে আৰু নিজেই তাপূৰ্ব্ব ত্যাগ স্বীকাৰ কৰি হিন্দু- সমাজ আৰু লগে লয়ে সমস্ত মানৱ জাতিক অসীম দয়া আৰু প্ৰেম ধৰ্মেৰে সজীৱ কৰি,