পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
 

লগে লগে সাধাৰণ মানুহৰ মানসিক আৰু আৰ্থিক অৱস্থাৰৰ অধোগতি হবলৈ ধৰিলে। যদিও জাতিভেদ উপনিষদৰ দিনতো থকা বুলি জনা যায় সেই সময়ৰ জাতিবিলাক জন্মগত আৰু নিকপ- কপীয়া নাছিল। সকলোৱে ব্ৰহ্মবিদ্যা শিকিব পাৰিছিল। পণ্ডিত-ক্ষত্ৰিয়য়ো বামুণক শিক্ষা দিছিল। সমাজত জাতিৰ কাৰণে মানুহে মানুহক হীন বুলি নাভাবিছিল আৰু জাতিৰ কাৰণে কোনো মানুহ অশুচি বা অস্পৃশ্য হোৱাৰ প্ৰমাণ পোৱা নাযায়। সেই সময়ত মানুহৰ কৰ্ম্মৰ দ্বাৰাইহে জাতি নিৰ্ধাৰিত হৈছিল। ক্ৰমে পুৰোহিতশ্ৰেণী ব্ৰাক্ষণসকলৰ পৰা লোৱাত আৰু এই যাগ-যজ্ঞত যোগ দিয়া মানুহ- বিলাক বিশেষভাৱে শুচি বুলি পৰিগণিত হোৱাত এই জাতিভেদৰ ভাবটো লাহে লাহে বেছি কটকটীয়া হৈ আহিবলৈ ধৰিলে।

এই কথা সচা যে বুদ্ধদেৱৰ দিনতত জাতি- ভেদত ঘৃণাৰ ভাব অহা নাছিল। ব্ৰাহ্মণ্য আদৰ্শক তেতিয়াও সকলোৱে যথেষ্ট সম্মান কৰিছিল। কিন্তু পুৰোহিতবিলাক যে সুকীয়া শ্ৰেণীৰ লোক আৰু তেওঁলোকৰ পৰা যে সমাজৰ যথেষ্ট অন্যায় হব ধৰিছিল সেই কথা বুদ্ধদেৱৰ সময়ত স্পষ্ট দেখা