হতুৱাই ডাঙৰ ডাঙৰ যজ্ঞ কৰাইছিল। জনা যায়
যে প্ৰথমতে কোনো কোনো যজ্ঞত অনেক গো-
বধ কৰা হৈছিল; সেইবোৰক গো-মেধ যজ্ঞ
বোলা হৈছিল। অশ্বমেধ যজ্ঞৰ কথা মই শ্ৰীৰাম-
চন্দ্ৰৰ জীৱনীত উল্লেখ কৰিছে। ৰজাবিলাকে
নিজৰ খিতাপ আৰু শক্তি প্ৰচাৰ কৰিবৰ কাৰণে
এই বিধ যজ্ঞ বিশেষভাবে পাতিছিল। এই
যজ্ঞবিলাকত নিৰপৰাধী পশুবোৰৰ হত্যাকাণ্ডত
মৰমিয়াল লোকৰ হৃদয় কাতৰ হৈ পৰিছিল, তথাপি
বিশ্বাসৰ কাৰণে আৰু বিশেষকৈ পুৰোহিতসকলৰ
প্ৰৰৰচনাত এই কৰ্মবিলাককে মোক্ষৰ উপায় বুলি
ভাবি লৈ সকলো মানুহেই এই নিষ্ঠুৰ কামবিলাকত
যোগ দিছিলহি। প্ৰকৃততে সেই সময়ত সাধাৰণ
মানুহে ঈশ্বৰ-প্ৰাপ্তিৰ মাত্ৰ দুটা পথ আছিল বুলি
বিশ্বাস কৰিছিল। এটা হৈছে সন্ন্যাস গ্ৰহণ কৰি
ভিক্ষাৰ দ্বাৰাই জীয়াই থাকি ঈশ্বৰপদ পাবলৈ চেষ্টা
কৰা আৰু আনটো হৈছে বলি-বিধান দি হোম
যজ্ঞ কৰি দেৱতাসকলক সন্তুষ্ট কৰি সংসাৰ ভোগ
কৰা। উপনিষদৰ যুগত হিন্দু-সমাজত যি সত্যৰ
আৱিৰ্ভাৱ হৈছিল সেই সত্য ক্ৰমাৎ সমাজৰ পৰা
অদৃশ্য হবলৈ ধৰিলে।
পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/২০
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বুদ্ধদেৱ
১৪