পৃষ্ঠা:বুদ্ধদেৱ- গোপীনাথ বৰদলৈ.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১৩
বুদ্ধদেৱ
 

পুৰোহিতসকলকো সকলো কথাতে আৱশ্যক হ’ল। যদিও এই কৰ্মকাণ্ডবিলাকৰ আধ্যাত্মিক উপকাৰিতা সম্বন্ধে বিশেষ মূল্য নথকা বুলি উপনিষদ আৰু কিছুমান দৰ্শন শাস্ত্ৰই স্পষ্টভাবে প্ৰকাশ কৰিছিল তথাপি সাধাৰণ জীৱনৰ প্ৰত্যেক কাৰ্যতে ঈশ্বৰৰ মহিমা বা উপাসনা-গান বেয়া বুলি কোনেও এই বিলাক বেয়া বুলি দলিয়াই পেলাবলৈ কোৱা নাছিল। ইয়াৰ ফলত এয়ে হল যে সময়ত মানুহে এই কৰ্মকাণ্ডবিলাকৰ মূল উদ্দেশ্য (ঈশ্বৰলৈ) মন নকৰি কৰ্মকাণ্ডবোৰতহে মনোযোগ দিব ধৰিলে। যি ময়ত বুদ্ধদেৱে প্ৰচাৰ কাৰ্য আৰম্ভ কৰে, সেই সময়ত পুৰোহিতসকলৰ পৰা সমাজত যি অন্যায় হৈছিল সেই কথা বৌদ্ধ-পুথিত পোৱা যায়। ইয়াৰ পৰা বুজা যায় যে সেই সময়লৈকে পৌৰোহিত্য অৰ্থাৎ এজনৰ হকে অন এজনে কৰ্মকাণ্ড কৰা কথাটো বৰ ভাল কাম বুলি মানুহে মানি লোৱা নাছিল।

২-৩-৪১

উল্লেখ আছে যে এই পুৰোহিতবিলাকেই অসংখ্য জীৱ-জন্তু বধৰ মূল কাৰণ হৈছিল। এওঁবিলাকেই উচটনি দি ৰজা আৰু অৱস্থাপন্ন মানুহবিলাকৰ