প্ৰচাৰ কৰিবৰ কাৰণে সমাজত নানা ৰকমৰ তৰ্ক সৃষ্টি কৰিছিল। ইয়াৰ দ্বাৰাই মানুহৰ বিদ্যা যিমানেই নাবাঢ়ক, মানুহৰ আধ্যাত্মিক জীৱনৰ উন্নতি হোৱা দূৰে থাকক, পূৰ্বৰ ঋষিবিলাকে দান কৰি যোৱ অমূল্য উপদেশৰ মূল্য দিনে দিনে হ্ৰাস পাবলৈ ধৰিলে। এইদৰে মানুহৰ সমাজত অনি কিছুমান বুদ্ধিমান লোকে জীব-জগতৰ উপকাৰৰ কথা নাভাবি বা সমাজৰ উপকাৰৰ কামত সময় নকটাই নিজৰ পাণ্ডিত্য আৰু মহিমা প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিল। এইদৰে সন্ন্যাসী আৰু পণ্ডিত উভয় শ্ৰেণীৰ লোকেই নিজৰ কথা ভাবি থকাত (নিজৰ সজ ইচ্ছা স্বত্বেও) সমাজৰ এটা ডাঙৰ অংশ অকৰ্মণ্য আৰু পৰগছাৰ দৰে হৈ পৰিল।
যি সমাজত সৰ্বোৎকৃষ্ট লোকবিলাকৰ এনে তাৱস্থা হয় সেই সমাজত যে পূৰ্বৰ ভাল নীতিও গৈ অনাচাৰত পৰিণত হব সি ধ্ৰুব সত্য মাথোন। সমাজত কিছুমান স্বাৰ্থপৰ লোকে সদায় নিজৰ স্বাৰ্থ পূৰণৰ চেষ্টাত থাকে। প্ৰায় সৎ, বিদ্বান আৰু বুদ্ধিমান লোকবিলাক ওপৰত কোৱা মতে ব্যস্ত থকাত, এই স্বাৰ্থপৰ লোকবিলাকৰ বাক্তিগত উন্নতি কৰাত বহুত সুবিধা হল। মই আগেয়ে